"মা মোক বিন্দুৱে জ্বলাই দিলে, মা’ মই আৰু জীয়াই নেথাকিম"

ধিংঃ ৬ মহীয়া সন্তানক এৰি এই পৃথৱীৰ পৰা বিদায় ললে এগৰাকী ২২ বছৰীয়া মাতৃয়ে। সন্তানে মা’ বুলি মাতিব নাপাওতেই বিদায় ললে এই খন পৃথিৱীৰ পৰা৷ মাতৃৰ মৃত্যু হোৱা বুলি বুজি নোপোৱা অবুজ কেচুৱাটোৰ কান্দোন পৰিয়ালৰ লোকৰ কান্দোনৰ ৰোলে সকলোকে কন্দুৱাইছিল। ৬ মহীয়া সন্তানটোৱে মাতৃ দুগ্ধ পান কৰিব বিছাৰি কান্দোনৰ দৃশ্যই প্ৰত্যক্ষ কৰি বহু লোকে ফেকুৰি উঠে৷

এই দৃশ্যই শনিবাৰে সকলোকে আবেগিক কৰি তোলে। যুগ্মজীৱনৰ সপোন বাস্তৱত অংকুৰিত হবলৈ নৌপাওঁতেই অজান ধামলৈ গতি কৰিলে এগৰাকী বোৱাৰীয়ে। হয়, নগাঁও জিলাৰ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙীয়াত এক জঘন্য হত্যাকাণ্ডৰ বলি হ’ল এগৰাকী বোৱাৰী। ঘটনাক কেন্দ্ৰ কৰি ৰাইডঙীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ৰাইডঙীয়াৰ আদৰ্শ গাঁৱত এজন প্রতিবেশী যুৱকৰ আক্রোশৰ বলি হৈ প্রাণ দিব লগা হয় বোৱাৰীগৰাকীয়ে।

এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে যোৱা বৃহস্পতিবাৰে সন্ধিয়া প্রায় সাতবজাত। সন্ধিয়া স্বামী ঘৰত নথকাৰ সময়ত ভাত বনাই থকা অৱস্থাত ঘৰৰ পিছফালে পানী পেলাবলৈ গৈছিল অজিত দাসৰ পত্নী পূৰ্ণিমা দাসে (২৩)। সেই সময়তে পূৰ্বৰ পৰা খাপপিটি থকা প্রতিবেশী বিন্দু দাস (৩৫) নামৰ যুৱকজনে সন্মুখৰ পৰা বোৱাৰী পূৰ্ণিমা দাসৰ গাত কেৰাচিন তেল ধালি জুই লগাই দিয়ে।

লগে লগে পূৰ্ণিমা দাসে চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে আহি বোৱাৰীগৰাকীৰ গাৰ জুই নুমাই সংকটজনক অৱস্থাত নগাঁও চিভিলত ভৰ্তি কৰে। অৱশেষত শুকুৰবাৰে সন্ধিয়া "মা মোক বিন্দুয়ে জ্বলাই দিলে অ, অ মা মই আৰু জীয়াই নেথাকিম, ছোৱালী জনীক গতালো তোমালোকৰ হাতত। তাইক চাবা আৰু মৰম কৰিবা" বুলি কৈ ছয় মহীয়া সন্তানৰ সৈতে স্বামীক এৰি চিৰদিনৰ বাবে চকু মুদে।

এই আবেগিক ভাষ্যই মৃত্যুৰ সৈতে যুজি অৱশেষত হাৰ মানে৷ কি কাৰণত চুবুৰীয়া বিন্দু দাস নামৰ লম্পট যুৱকজনে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে পূৰ্ণিমা দাসৰ পৰিয়ালে জাজৰী আৰক্ষী থানাত লম্পট বিন্দুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে অপৰাধী বিন্দুক আৰক্ষীয়ে আটক কৰিব পৰা নাই। প্রায় তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা পূৰ্ণিমা দাসৰ একমাত্ৰ ছমহীয়া কন্যা সন্তানটোক এৰি বিদায় লয় পৃথিৱাৰ পৰা।