শুই আছে ৰাজ্যৰ বন বিভাগ, নগাঁৱৰ কুঁজি বিলত চোৰাং চিকাৰীয়ে চলাইছে পক্ষী নিধন যজ্ঞ

নগাঁওঃ ৰাজ্য খনৰ বিভিন্ন ঠাইৰ বিল সমূহলৈ পৰিভ্ৰমী চৰাইৰ আগমণ লগে লগে একাংশ লোকে ধন ঘটাৰ বাবে চৰাই সমূগক নিধন কৰি আহিছে৷ এই অভিযোগ আজিৰ নহয়৷ পৰিভ্ৰমি চৰাই সমূহক একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি নিধ কৰে৷ 

প্ৰকৃতি প্ৰেমীসকলে এই ঘটনা ৰোধৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰ তথা বন বিভাগে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ ৰাজ্যত বন সুৰক্ষা দিৱস আৰু বন্যপ্ৰাণী সপ্তাহ পালন কৰি বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হাতত ললেও মৰিগাঁও আৰু নগাঁও জিলাৰ সীমান্তৰ কুঁজি বিলত অসাধু চক্ৰই অবাধে বনৰীয়া চৰাইৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ 

এই বাৰ হাড়গিলা-বৰটোকোলা নিধন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এটি সুত্ৰৰ খবৰ মতে, এটি দুষ্ট চক্ৰই যোৱা কেইবাটাও দিনৰ ভিতৰত কুঁজি বিলত হাড়গিলা-বৰটোকোলা নিধন কৰিছে৷ পানীত কিটনাশক মিহলাই নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁজি বিললৈ প্ৰতি বছৰে কাম চৰাই, পানী কাউৰী, শৰালি, ঢেঁকৰ, কোহা, বনৰীয়া ৰাজহাঁহ, হাড়গিলা-বৰটোকোলাকে ধৰি বিভিন্ন প্ৰকাৰৰ পক্ষীৰ আহে৷ তিনি বছৰমান আগলৈকে বিৰল প্ৰজাতিৰ শামুক ভঙা চৰাইও বিলখনলৈ আহিছিল যদিও একাংশ অত্যাচাৰী মানুহৰ বাবেই এনে চৰাই সম্প্ৰতি নহা হৈছে৷

বটদ্রৱাৰ সমীপৰ ঐতিহ্যমণ্ডিত কুঁজি বিলত কেইবাটাও বিলুপ্তপ্ৰায় বৰটোকোলাৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। পৰিভ্ৰমী, থলুৱা পক্ষী আৰু মৎস্যৰ বাবে বিখ্যাত এই বিলখনৰ পাৰৰ কুজিঁ সত্ৰৰ ৰাইজে যোৱা ৰেইবাটাও দিন ধৰি মৃত পক্ষী প্ৰত্যক্ষ কৰিছে। 

জানিব পৰা মতে, এচাম দুষ্ট চক্রই বহু দিনৰ পৰাই বিল খনত পৰিভ্ৰমী চৰাই নিধন কৰিবলৈ নানান ধৰণৰ কৌশল অৱলম্বল কৰি আহিছে। এচাম মাংসলোভী চক্রই কেৱল মাত্ৰ মাংসৰ লোভত এই পক্ষী সমুহ নিধন কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। 

কুজি বিল, ধেউৰা বিল, ৰৌমাৰী বিল, আদিত ন’ ন’ কৌশলেৰে পৰিভ্ৰমী চৰাই সমূহ নিধন কৰি বিল খনৰ সমীপৰ বৰিবজাৰ নামৰ ঠাইত গোপনে বিক্ৰী কৰি আহিছে৷ অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী মনোৰঞ্জন গোস্বামীয়ে জনোৱা মতে, পথাৰত দুষ্ট চক্রই কীটনাশক দিয়াৰ বাবেই বৰটোকোলাৰ মৃত্যু হৈ আহিছে৷ আনহাতে ৰাইজে বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক এনে চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

উল্লেখ যোগ্য যে, বিলখনলৈ পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগেই বিলখনক কেন্দ্ৰ কৰি আহিন-কাতি মাহৰ পৰাই আৰম্ভ হয় বনৰীয়া চৰাইৰ নিধন প্ৰক্ৰিয়া৷ এক বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি, বিলখনৰ দাঁতি কাষৰীয়া বগৰিগুৰি, বৰভেটি, ভেৰভেৰী, পদুমনি, সৰু কুঁজিপাৰ আদি পথাৰসমূহত চৰাই নিধনকাৰীৰ দলে প্ৰতিবছৰে কেইবা হাজাৰ চৰাই নিধন কৰি আহিছে৷