
নলবাৰীঃ নামনি অসমৰ কংগ্ৰেছৰ অন্যতম নেত্ৰী পাপৰি মালাকৰে ৩৩ সংখ্যক জন্মদিন পালন কৰে অনাথ আশ্ৰমৰ আৱাসিৰ সৈতে৷
নলবাৰী জিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ শান্তি নিবাস অনাথ আশ্ৰমত উদযাপন কৰে জন্মদিন।
সাংবাদিক মজিবুৰ ৰহমানৰ সঞ্চালনাত চলি থকা আশ্ৰম খনত মহিলানেত্ৰী মালাকৰে আশ্ৰম খনৰ অনাথ বৃদ্ধ-বৃদ্ধা, শিশু-মহিলাসকলৰ মাজত কেক কাটি উদযাপন কৰে জন্মদিন।
আশ্ৰমৰ সঞ্চালকগৰাকীক প্ৰশাংসা কৰি আশ্ৰমখনৰ আবাসীসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ লগতে একো খনকৈ বস্ত্ৰ প্ৰদান কৰে। তেওঁৰ স্বামী জীতেন মালাকৰ আৰু এচাম সচেতন মহিলাৰ উপস্থিতিত জন্মদিন পালন কৰে৷