শিৱসাগৰত ৰসৰাজৰ জন্মজয়ন্তী পালন

শিৱসাগৰঃ অাজি সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা জন্মদিন। অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান থকা এই বিশিষ্ট সাহিত্যিক গৰাকী জন্মদিনটো সমগ্ৰ ৰাজ্য লগতে শিৱসাগৰতো পালন কৰে। শিৱসাগৰ নগৰৰ অামোলাপট্টি প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ উদ্যোগত অাৰু শিৱসাগৰ নৱজ্যোতি সাংস্কৃতিক সংঘৰ সহযোগত অাজি লক্ষীনাথ বেজবৰুৱা জন্মদিৱসটি পালন কৰা হয়। 

বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী দিব্যশ্ৰী ৰাজকুমাৰীয়ে অাঁতধৰা অনুষ্ঠানত ৰসৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্টা সমাজসেৱীকা বীণা গোস্বামীয়ে। স্থানীয় বয়োজ্যেষ্ঠ মহিলা গুণমাই দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমেশ দত্তই। 

অনুষ্ঠানত সৰ্বপ্ৰথমে বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এটি সমবেত গীতেৰে অনুষ্ঠান মুকলি কৰে। এই অনুষ্ঠানত শিৱসাগৰ মহকুমা শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি হৰেন শৰ্মা, বিশিষ্ট সমাজকৰ্মী হেমকান্ত ভূঞা, যুৱ নাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা, নৱজ্যোতি সাংস্কৃতিক সংঘৰ সাধাৰণ সম্পাদক ব্ৰজেন দাস, মঞ্জুলা দেৱী লগতে শিৱসাগৰৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

এই অনুষ্ঠানতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বক্তৃতা অাৰু কুইজ প্ৰতিযোগিতা। অনুষ্ঠানৰ শেষত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক পুৰস্কৃত কৰাৰ লগতে অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰণি পৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা উক্ত কুইজ প্ৰতিযোগিতাখনিত কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে প্ৰান্তিক শৰ্মা।