জোনাৰামচৌকাত সুধাকণ্ঠৰ ওপজা দিনত বন্তি প্ৰজ্বলন

দলংঘাটঃ মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি দৰং জিলাৰ জনাৰামচৌকাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯১ তম্ ওপজা দিন পালন কৰা হয়৷

ছাত্ৰ সন্থাৰ নেতা-কৰ্মী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৯১ গছি বন্তি প্রজ্বলন কৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনত শিল্পী গৰাকীৰ স্মৰণ কৰে।