সেৰেঙা উপস্থিতিৰে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন

ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ প্ৰতিদিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰকিবুল হুছেইনে ৰাজ্যৰ বিভিন্ন জিলাত বৰ বৰ সভা অনুষ্ঠিত কৰি আহিছে যদিও প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত কংগ্ৰেছৰ নেতা কৰ্মীয়ে দূৰে দূৰে ঘুৰি থকা পৰিলক্ষিত হৈছে৷

এখন সভা অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মীয়ে৷ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই নেতা-কৰ্মীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিব নোৱাৰাৰ বাবেই দল ধ্বংসৰ দিশে আগবাঢ়িছে বুলি মত ব্যক্ত কৰে একাংশ নেতা-কৰ্মীয়ে৷

তাৰ মাজতে ৰঙিয়া গ্ৰাম্য ব্লক, নগৰ, ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত সেৰেঙা উপস্থিতিৰে বৃহস্পতিবাৰে কংগ্ৰেছৰ ১৩২ তম প্ৰতিষ্ঠা দিৱস পালন কৰে৷

ৰঙিয়া ৰাজীৱ ভৱনৰ সভাকক্ষত ৰঙিয়া ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি তাৰিফুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ সভাত প্ৰাক্তন বিধায়ক, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা, কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি ৰবীন শইকীয়া, কামৰূপ জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী জুতিলা বৈশ্য, মঙলদৈ লোকসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰাজ বব্বৰ, দিপু ডেকা, মুৰতাজ ৰহমানৰ লগতে মণ্ডল কংগ্ৰেছ সমিতিৰ সভাপতিসকল  উপস্থিত থাকে।

প্ৰতিষ্ঠা দিৱসত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাথীক জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰে কংগ্ৰেছে।