
নগাঁওঃ হিন্দু ধৰ্মত কাছৰ গুৰুত্ব কম নহয়৷ কাছক সন্মান দিয়া হয় সনাতন ধৰ্মত৷ কাছক বিষ্ণুৰ দ্বিতীয় অৱতাৰ জ্ঞান কৰা হয়। সত্য যুগৰ অৱতাৰ ৰূপে জ্ঞান কৰা হয় কাছ অৰ্থাৎ কূৰ্মক৷ কিয়নো হিন্দু ধৰ্মৰ প্ৰবাদ মতে ভগৱান শ্ৰী বিষ্ণুয়ে ওপৰৰ অংশ যদিও মানুহৰ ৰূপ ধাৰণ কৰিছিল তলৰ অংশ মৎস অৰ্থাৎ মাছৰ ৰূপ ধাৰণ কৰিছিল৷ প্ৰবাদ মতে মহাপ্ৰলয়ৰ পৰবৰ্তি সময়ত মৎস্যক সংগী কৰি সাগৰৰ তলত নিদ্ৰামগ্ন হৈ ব্ৰত ধাৰণ কৰিছিল ভগৱান বিষ্ণুৱে৷
ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালেও গ্ৰীক দেৱতাৰ সৈতেও কাছৰ সৈতে সম্পৰ্কৰ নানা কথা ওলাই পৰে৷ গ্ৰীক দেৱতা হাৰ্মিচৰ প্ৰতীক হেনো মৎস্যই আছিল৷ হয়, দেওবাৰে বিষ্ণুৰ দ্বিতীয় অৱতাৰ ওলাল ৰাজ পথত৷ নগাঁৱৰ বেবেজীয়া-কুৰুৱাবাহী সংযোগী পথৰ ওপৰত প্ৰায় তিনি কিল’গ্ৰাম ওজনৰ কাছটো প্ৰত্যক্ষ কৰে একাংশ লোকে৷পথেৰে অহা এজন যুৱক এজনে কাছটো উদ্ধাৰ কৰি স্থানীয় বেবেজীয়া আৰক্ষী চকীত গতাই দিয়ে৷ পিছত বেবেজীয়া আৰক্ষীয়ে কাছটো নগাঁও বন বিভাগৰ হাতত অৰ্পন কৰে৷