ছাত্ৰ নেতা বিশ্বজিত ফুকনক কৰিব পাৰে আক্ৰমণ, সন্দেহ ছাত্ৰ মুক্তিৰ

ডিব্ৰুগড়ঃ এগৰাকী ছাত্ৰ নেতাক হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাত৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ উপদেষ্টা বিশ্বজিত ফুকনক হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

সংগঠনটোৱে অভিযোগ উত্থাপন কৰা মতে, বৃহত্তৰ চাবুৱা অঞ্চলৰ দুৰ্নীতি, অনিয়ম চিণ্ডিকেট আদিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি অহা তথা আন্দোলনৰ নেতৃত্ব দি অহা ছাত্ৰ নেতাজনক এটা চক্ৰই হত্যাৰ কৰাৰ চেষ্টা কৰি বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে বিশ্বজিত ফুকনক ২ মাহ পূৰ্বে ঘৰৰ পৰা চাবুৱালৈ গৈ থকা অৱস্থাত ৰাজ পথত এখন বগা নম্বৰপ্লেট বিহীন এল্ট গাড়ীৰে খুন্দি হত্যা কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ উক্ত দিনা সংগঠনটোৰ উপদেষ্টাজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল বুলি কয়।

জানিব পৰা মতে, ছাত্র নেতা বিশ্বজিতে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিছিল বুলিও কয় সংগঠনটোৱে। দুমাহৰ পূৰ্বে চাবুৱা অাৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি কয় সংগঠনটোৱে৷