
বিহগুৰিঃ ঐক্য সংহতিৰ বাৰ্তাৰে শোণিতপুৰ জিলাৰ ময়লাত বিগত বৰ্ষৰদৰে এইবেলিও ৰাস মহোৎসৱ অনুষ্ঠিত হয়৷ অঞ্চলটোৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লোকৰ সহযোগত বছৰ বছৰ ধৰি পালন কৰি অহা ৰাস মহোৎসৱত এইবেলি ভক্তৰ লানি নিছিগা সোঁত বয়৷
ৰাজ্যত এক উত্তেজনা পূৰ্ণ পৰিবেশ সৃষ্টি হৈ থকাৰ সময়তে ময়লাৰ ৰাস মহোৎসৱত জাতি-বৰ্ণ-নিৰ্বিশেষে একত্ৰিত হৈ ৰাস মহোৎসৱ উপভোগ কৰে৷ ভিন্ন কাৰ্যসূচীৰ লগতে শিশু কৃষ্ণ ৰূপত অৱতীৰ্ণ হৈ লয়লাস নৃত্যৰে ৰাইজক আপ্লুত কৰে বহু গাভৰুৱে। মৃণ্ময় মূৰ্তি স্থাপন কৰাৰ লগতে গীত নৃত্য, আনন্দমেলাই জীপাল কৰে ময়লা ৰাস মহোৎসৱ৷ ৰাধা-কৃষ্ণৰ অভিনয়ৰ লগতে অঞ্চলটোৰ জীয়াৰী-বোৱাৰীয়ে গোপীৰ ভাৱৰে নৃত্য কৰি আপ্লুত কৰে ৰাইজক৷