
newsnextone.com | ওদালগুৰিঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ ৰাজ্যিত সভাপতি ৰঞ্জিৎ দাসে অহা ৩০ জুনত ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হ’ব বুলি মত ব্যক্ত কৰে৷ এই ভয়ংকৰ ঘটনাৰ আগজাননী বিজেপিৰ হাতত আছে বুলি কয়। কাইলৈ সংবাদমেল যোগে সকলো কথা স্পষ্ট কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত মাথো কেইটিমান দল-সংগঠনেহে প্ৰতিবাদ কৰি আছে, কিন্তু ৰাইজে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই।
অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস শনিবাৰে বিজেপিৰ সাংগঠনিক কামৰ বাবে ওদালগুৰিলৈ আহি ওদালগুৰি আৱৰ্ত ভৱনত স্থানীয় সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লৈ বিস্ফোৰক মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে আগন্তুক ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ সময়তে ৰাজ্যত সংঘটিত হ’ব কেতবোৰ ভয়ংকৰ ঘটনা। যিবোৰ ঘটনাৰ আগজাননী ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে।
লগতে কি ধৰণৰ ঘটনা সংঘটিত হ’ব সেই বিষয়ে কাইলৈ সংবাদমেলযোগে বিজেপিয়ে প্ৰকাশ কৰিব বুলি দাসে মন্তব্য প্ৰকাশ কৰে। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবাদেৰে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিজেপিৰ সভাপতিগৰাকীয়ে তুলুঙা মত ব্যক্ত কৰি কয় যে বিধেয়কখনৰ বিৰুদ্ধে অসমবাসী ৰাইজে আন্দোলন কৰা নাই, আন্দোলন কৰিছে মাথো কেইটামান দল-সংগঠনেহে।
এনে মন্তব্যৰ জৰিয়তে তেওঁ ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠনসমূহক ইতিকিং কৰাও একপ্ৰকাৰ পৰিলক্ষিত হয়। তেওঁ লগতে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত দলে ১২টা সমষ্টিৰ পৰিকল্পনা কৰাৰ কথা কৈ মঙলদৈ লোকসভা সমষ্টিত ৩০ হাজাৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়াৰ অভিযান অব্যাহত থকা বুলিও জানিবলৈ দিয়ে। লগতে অস্তিত্ব ৰক্ষাৰ আন্দোলন মঙলদৈ লোকসভা সমষ্টিৰ পৰা আৰম্ভ হোৱা বুলি মত পোষণ কৰে। ইফালে বিটিচিত বিজেপিয়ে সাংগঠনিক তৎপৰতা উন্নত কৰা বুলি উল্লেখ কৰি কয় যে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচিত বিজেপিৰ স্থিতি নাই বুলি ভুৱা প্ৰচাৰ কৰি থকা বুলিও মন্তব্য প্ৰকাশ কৰে দাসে।