
বঢ়মপুৰঃ দীপাৱলীৰ সময়তে আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ চামগুৰি সমষ্টিত শুক্ৰবাৰে বিজেপিয়ে নিৰ্বাচনী হুংকাৰ তোলে৷ শুকুৰবাৰে চামগুৰিত বিজেপিৰ অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ সম্পাদক ডিপ্লুৰঞ্জণ শৰ্মা উপস্থিত হৈ আগন্তক লোকসভা পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷
আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক সম্পাদক জনৰ উপস্থিতিত চামগুৰিৰ পুৰণিগুদামত বিজেপিৰ এক বিশাল সাংগঠনিক সভা আয়োজন কৰা হয়৷ সভাখনত চামগুৰিৰ সমষ্টিৰ অন্তৰ্গত মুঠ ২৩টা পঞ্চায়তৰ বিজেপিৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।
উপস্থিত ৰাজ্যিক বিজেপিৰ সম্পাদক জনে সমষ্টিৰ দলীয় নেতা-কৰ্মীক সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় ভেটি সুদৃঢ় কৰিবলৈ সক্ৰিয় হোৱাৰ আহ্বান জনায়। অহা ২৯ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী ৰবীশংকৰ প্ৰসাদৰ উপস্থিতিত নিৰ্বাচন কেন্দ্ৰীক এখন প্ৰস্তুতি সভা কলিয়াবৰত অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে কৰ্মকৰ্তা সকলক।
ইফালে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈৰ বিৰুদ্ধে দলীয় সাংগঠিনক সভাখনতে সৰব হোৱা দেখা গ’ল বিজেপিৰ ৰাজ্যিক নেতাজনক। উল্লেখ্য যে, সভাখনত উপস্থিত একাংশ নিজ দলৰে সক্ৰিয় কৰ্মকৰ্তাই পঞ্চায়ত পৰ্যায়ত নিজৰ সাংগঠনিক বিসংগতি সমূহ উনুকিযাই দিয়াত বিবুদ্ধিটো পৰা দেখা গ'ল ৰাজ্যিক সম্পাদক জনক। চামগুৰিত আঞ্চলিক দল আৰু চৰকাৰৰ মাজত মিলাপ্ৰীতি নথকাৰো অভিযোগ উত্থাপিত হ'ল বিজেপিৰ ৰাজ্যিক নেতাজনৰ সন্মুখতে।