নিৰ্বাচন আয়োগৰ পূৰ্বেই BJPৰ আইটি চেলৰ প্ৰধানে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ পূৰ্বেই কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন বিজেপিৰ আইটি চেলৰ প্ৰধানে ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিৰ আইটি কোষৰ প্ৰধান অমিত মালব্যই টুইট কৰি নিৰ্বাচনৰ দিন প্ৰচাৰ কৰে মঙলবাৰে৷ 

২৭ মাৰ্চৰ পুৱা ১১.০৮ বজাত টুইট কৰি ৰাজহুৱা কৰিছিল কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন৷ ইতিমধ্যে ছচিয়েল মিডিয়াত গৰম কৰিছে এই বিষয়টোৱে৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, কংগ্ৰেছ নেতা ৰণদ্বীৰ সূৰ্যেৱালাই নিৰ্বাচন আয়োগৰ পূৰ্বে কেনেদৰে এই খবৰ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷ 

উল্লেখ্য যে, ২৭ মাৰ্চ তথা মঙলবাৰেই নিৰ্বাচন আয়োগে কৰ্ণাটকৰ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন সংবাদ মেল অনুষ্ঠিত কৰি ঘোষণা কৰে৷ নিৰ্বাচন আয়োগে দিনবাৰ-ঘোষণা কৰাৰ বহু পূৰ্বেই বিজেপিৰ আইটি কোষৰ প্ৰধান অমিত মলব্যই নিজৰ টুইটাৰ একাউন্টত দিন-বাৰ প্ৰচাৰ কৰে৷ 

২৭ মাৰ্চৰ পুৱা ১১.০৮ বজাত টুইট কৰি এই কথা ৰাজহুৱা কৰিছিল অমিত মালব্যই বিপৰীতে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল ১১.১৫ মিনিটত মানে ৭ মিনিট পূৰ্বেই মালব্যই ঘোষণা কৰিছিল ভোট গ্ৰহণ আৰু ভোটগণনাৰ দিন৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেনেদৰে পূৰ্বেই এই খবৰ লাভ কৰিলে বিজেপিৰ আইটি কোষে৷ টুইট কৰাৰ কিছু সময় পিছত টুইট ডিলিট কৰে অমিত মালব্যই৷ নিৰ্বাচন আয়োগে সংবাদ মেলত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তদন্ত কৰা হ’ব বুলি কয়৷ মুখ্য নিৰ্বাচন আয়ুক্ত যিটো বিষয় ফাদিল হ’ব নালাগে সেই বিষয় ফাদিল হলে তদন্ত কৰা হ’ব৷

উল্লেখ্য যে, কংগ্ৰেছ শাসিত কৰ্ণাটকত ১২ মে’ত ভোটগ্ৰহণ আৰু ১৫ মে’ত ভোটগণনা কৰা হ’ব৷