চামগুৰিত কলিয়াবৰ জিলা বিজেপিৰ সভা

চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে বিজেপিৰ অ'বিচি মৰ্চাৰ কলিয়াবৰ জিলাৰ এখন কাৰ্যনিবাহক সভা অনুষ্ঠিত হৈ যায়।

কলিয়াবৰ জিলাৰ অ'বিচি মৰ্চাৰ সভাপতি মহাদেৱানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক অ'বিচি মৰ্চাৰ সভানেত্ৰী বিতোপন ৰাইদিঙীয়া, সম্পাদক নৃপেন চেতিয়া আৰু দুলুমনি কাকতি বৰা, জিলা প্ৰভাৰী মালবিকা দত্ত, বাজিয়া ব্লকৰ সভাপতি বীৰেণ শইকীয়াকে প্ৰমুখ্যে কৰি কেবাজনো নেতা কৰ্মী উপস্থিত থাকে।

সভাত ৰাজ্যিক সভানেত্ৰী গৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলক শক্তিশালী কৰিবলৈ সদস্য সকলক আহ্বান জনােৱাৰ লগতে লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ হাতৰ পৰা গাদী উৎখাত কৰিবলৈ আহ্বান জনায় যাতে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা এজন সাংসদ উলিয়াবলৈ সক্ষম হয়৷