মোৰাঝাৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজহুৱা সভা

মোৰাঝাৰঃ যমুনামুখ বিধান সভা সমষ্টিৰ পৰা ইউ ডি এফক উৎসাত কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিয়ে৷ শনিবাৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পূব বিন্নাকান্দি মণ্ডল সমিতিৰ উদ্যোগত মোৰাঝাৰৰ দীঘলজাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকি বিজেপিৰ জিলা সভাপতি সমীৰ চক্ৰৱৰ্তীয়ে ইউডিএফ, অগপ আৰু কংগ্ৰেছৰ বিৰুদ্ধে সকলো ৰাইজ বিতুষ্ট হৈ বিজেপিক আকোঁৱালি লোৱা বুলি কয়৷

উন্নয়ণৰ অংশীদাৰ হ’বৰ বাবে ৰাইজক শাসকীয় বিজেপি দলত যোগদান কৰিবলৈ আহব্বান জনায় সমীৰে৷ আজমলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে চক্ৰৱৰ্তীয়ে নিজৰ ভাষণত চৰকাৰৰ বিভিন্ন জনকল্যাণমুলক আঁচনিৰ সন্দৰ্ভত আলোকপাত কৰে।

সংখ্যালঘু মৰ্চাৰ বিজেপিৰ পূব মণ্ডলৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যখ্যা কৰে সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক আহমেদ লস্কৰে। সভাত কেবা শতাধিক লোক উপস্থিত থাকে৷