
খেৰণিঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮নং হামৰেণ সমষ্টিৰ অন্তৰ্গত জেংখাত আজি দুৰ্গম পাহাৰীয়া পৰিষদীয় হামৰেণ সমষ্টিত বিভিন্ন প্ৰকাৰৰ খচৰা ৰূপায়ণৰ লক্ষ্যৰে এখন জৰুৰী সভা সম্পন্ন হৈ যায়৷
ডংকামোকাম চহৰত অৱস্থিত ৰংখাং উন্নয়ণ খণ্ডৰ অধীনত থকা উল্লেখিত পৰিষদীয় সমষ্টিটোত উক্ত উন্নয়ণ খণ্ডৰ যোগেদি প্ৰধানমন্ত্ৰী আৱাস যোজঁনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ অধীনত প্ৰদান কৰা আচঁনিসমুহ কি দৰে আৰু কোনবোৰ অঞ্চলয়ত ৰূপায়ণ কৰাৰ বাৰুকৈ প্ৰয়োজন সেই সন্দৰ্ভত সবিস্তাৰে আলোচনা আৰু বিশ্লেষণ কৰা হয়৷
সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ পৰিষদীয় সদস্য মংগলছিং তিমুং উপস্থিত থাকে৷ লগতে পৰিষদীয় হামৰেণ সমষ্টিৰ গাঁও উন্নয়ণ সমিতি অধ্যক্ষ ছাৰছিং ফাংছ’, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় কৃষি বিভাগৰ প্ৰাক্তন অধ্যক্ষ বিদ্যাছিং টেৰনকে ধৰি গাঁও উন্নয়ণ সমিতিৰ সদস্যবৃন্দৰ আৰু ব্লক লেভেল সমন্নয় সমিটিৰ সদস্যসকল উপস্থিত থাকে৷
সভাৰ যোগেদি এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজঁনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ অধীনৰ বহু ন ন আঁচনি বৃহত্তৰ পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ বিভিন্ন স্থানত ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰা হয়৷ লগতে উপস্থিত ৰাইজক চৰকাৰে ইতিমধ্যে প্ৰদান কৰা আঁচনি সম্পৰ্কে সবিস্তাৰেৰে বৰ্ণনা কৰে ৰংখাং উন্নয়ণ খণ্ডৰ বিষয়ববীয়াসকলে।
এম জি এনৰেগাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ অধীনত ক্ৰমে পেভাৰ্চ ৰ'ড, ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে জনসিঞ্চনৰ নলা-নৰ্দমা আৰু নৰ্দমা সংযোজনৰ ব্যৱস্থা, গড়কাপ্তানী পথৰ সৈতে সংযোগী গাঁৱলিয়া পথ মেৰামতি ও নিৰ্মাণ, শৌচালয়, মাৰ্কেট চেড, বৃক্ষ ৰোপন, বৃদ্ধ পেনচন, বিধৱা পেনচন, বিকালংগ সাহায্য, কেঁচু সাৰ উৎপাদনৰ ব্যৱস্থা, ৱাটাৰ হাৰ্ভেষ্টিং, ফাৰ্ম পন্দ, গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা আদি বিভিন্ন প্ৰকাৰৰ আঁচনি হামৰেণ সমষ্টিত ৰূপায়ণ কৰাৰ বাবে আলোচনাৰ লগতে ৰূপায়ণৰ সিদ্ধান্ত আজিৰ সভাত গ্ৰহণ কৰা হয়৷