
নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলৰ নেতা-পালিনেতাই মইমতালি কৰা সময়তে এইবাৰ নগাঁৱত খোদ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চলিছে গুণ্ডাৰাজ৷ স্কুল ইউনিফৰ্মৰ ঠিকা কুক্ষিগত কৰিবলৈ নগাঁও জিলাৰ বিজেপিৰ এজন পালিনেতাই দাদাগিৰি চলোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷
জানিব পৰা মতে, নিজকে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা জিলাখনৰ জুৰীয়াৰ জনৈক হবিবুৰ ৰহমান নামৰ বিজেপি নেতাজনে ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া ইউনিফৰ্ম যোগানৰ ঠিকা ল’বলৈ জুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক নিলম্বনৰ ভাবুকি দি চূড়ান্ত মইমতালি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে৷
তদুপৰি নগাঁৱৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া-কৰ্মচাৰীক ভাবুকি প্ৰদানৰ দৰে নিলৰ্জ্জ কাৰ্যত লিপ্ত হোৱা বুলিও বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু ভূক্তভূগীয়ে অভিযোগ তুলিছে৷ অভিযোগ মতে, একমাত্ৰ ৰাজনৈতিক ক্ষমতাৰ ৰাগীত মতলীয়া হৈ নেতাগৰাকীয়ে খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ গাণনিকে প্ৰমুখ্য কৰি শিক্ষাখণ্ডটোৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ৰ প্ৰধানক শিক্ষামন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা থকাৰ কথা দোহাৰি তেওঁৰ ফাৰ্মক স্কুলীয়া ইউনিফৰ্মৰ ঠিকা আবন্টন দিবৰ বাবে জোৰ-জুলুম কৰি সকলোকে অতিষ্ঠ কৰি তুলিছে৷
আনকি ঠিকা লাভৰ নামত ভয়-ভাবুকিৰে তাণ্ডৱ চলাই অহা এইজন বিজেপি নেতাই শিক্ষামন্ত্ৰীৰে ঘনিষ্ঠতা কথা প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি তেওঁ বিদ্যালয়ত ইউনিফৰ্মৰ ঠিকাৰ বাবে দাখিল কৰা নিবিদাত বিজেপি দলৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাৰো আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে৷
কাজেই, স্কুলীয়া ইউনিফৰ্মৰ ঠিকা লাভৰ নামত এনেদৰে খোদ বিজেপি নেতাই চলোৱা এনে তাণ্ডৱকলৈ নগাঁৱৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত শিক্ষামন্ত্ৰী তথা বিজেপি দলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আজিৰ তাৰিখত লক্ষণীয় হৈ পৰিছে৷