
বঢ়মপুৰঃ নগাঁও জিলাৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ পুৰণিগুদাম৷ প্ৰতিথযশা সাহিত্যিক, শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সোঁৱৰণত পুৰণিগুডামত স্থাপন কৰা হৈছিল ডঃ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়৷ সাহিত্যিক বৰুৱাৰ মৃত্যুৰ তিনিবছৰৰ পিছত অৰ্থাৎ ১৯৬৭ চনৰ ৩১জুলাইত পুৰণিগুদামত কেইগৰাকীমান গুণী-জ্ঞানী লোকে স্থাপন কৰিছিল ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়৷
মহাবিদ্যালয়খনে ৫০টা বসন্ত অতিক্ৰম কৰিলে৷ মহাবিদ্যালয় কৰ্তৃপক্ষ অঞ্চলটোৰ ৰাইজৰ সহযোগত অহা ২৫, ২৬ আৰু ২৭ অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ মঙলবাৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূপেন শইকীয়াই এক সংবাদ মেল অনুষ্ঠিত কৰি সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে৷
মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু পুৰণিগুদামবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসুচীত৷ সোণালী জয়ন্তী মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বাখ্যা কৰাৰ লগতে ২৫ অক্টোবৰত পুৱা ৮.৩০ বজাত পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী আৰু পুৰণিগুদামৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰাৰ লগতে পুৱা ৯বজাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ খাউণ্ডে শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে অধ্যক্ষ শইকীয়াই৷
বিৰিঞ্চি কুমাৰ বৰুৱাৰ মূৰ্ত্তি উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰা, গ্ৰন্থ মেলা আৰু প্ৰৰ্দশনীৰ দ্বাৰ উন্মোচন, অন্তৰংগ আলাপ, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠান অনুষ্ঠিত হব৷ ২৬ অক্টোবৰত পুৱা ১০বজাত বক্তৃতা আৰু গ্ৰন্থ উন্মোচনৰ লগতে লোকসংস্কৃতিৰ বিশিষ্ট সাধক মুৰুলীধৰ দাসক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বঁটা প্ৰদান কৰা হ’ব৷ বিয়লি সম্বৰ্ধনা সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
২৭ অক্টোবৰত পুৱা ৯বজাত বৃক্ষৰোপন, পুৱা ১০বজাত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু গুৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে বিয়লি ১বজাত অনুষ্ঠিত হ’ব মুকলি সভা৷ মুকলি সভা উদ্ধোধন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক৷ নিশা জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱাই সংগীত পৰিবেশন কৰিব৷ সংবাদ মেলত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে অধ্যাপক বিপুল চক্ৰৱতী, অনুৰূপা বৰা, যতীন শৰ্মা আৰু ছাত্ৰ একতা সভাৰ সম্পাদক সিদ্ধাৰ্থ শংকৰ দাস উপস্থিত থাকে৷