তিনিচুকীয়াৰ খেতি পথাৰত ক’লা কামাণ্ডোৰ সন্ত্ৰাস

তিনিচুকীয়াঃ বান, বনৰীয়া হাতী ৰাজ্য খনৰ শ শ কৃষকৰ কৃষি পথাৰ নষ্ট কৰাৰ সমানে সমানে কলা কমাণ্ডোৱে খেতি নষ্ট কৰি আহিছে। তাহানিৰ ক’লা কামাণ্ডোৱে তথা শুৰ পোকে জকাইচুকৰ কৃষকৰ তুপুনি হৰিছে। বানৰ পাছতে অতি কষ্টৰে কঠিয়া কিনি ভূই ৰোৱা খেতিয়কসকলক শুৰ পোকে আক্ৰমম কৰি ব্যাপক ক্ষতিসাধন কৰিছে।

সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো কৃষক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই শ্যামলী কৰিছিল। সোণগুটিৰ পথাৰসমূহ বানে উৰুঙা কৰি থৈ যোৱা এটা পষেক পাৰ নৌহওঁতেই এইবাৰ কলা কামাণ্ডোৰ সন্ত্ৰাস চলিছে৷ বানৰ কৱলত পৰা কৃষিভূমিৰ কঠীয়াসমূহে কোনোমতে কঁকালটো পোনাইছিলেহে মাঁথো৷

তেনেসময়তে দুবেলা দুমুঠি যোগাৰ কৰাৰ নিমিত্তে পৰিয়াল পোহ-পাল দিবলৈ হাড় ভঙা শ্ৰমৰ বিনিময়ত উৎপাদন কৰা শালি ধানৰ খেতিডৰাত হেজাৰ বিজাৰ শুঁৰপোকে আক্ৰমণ কৰি তহিলং কৰাত স্বাভাৱিকতে খেতিয়ক ৰাইজে মূৰে কপালে হাত দিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷

দুখ কুলাই পাচিয়ে নধৰা কৃষিজীৱী ৰাইজৰ হেপাঁহৰ জীৱিকাৰ প্ৰধান উৎস ধান খেতিডৰাৰ ৰক্ষণা বেক্ষন দিবলৈ কৃষি বিভাগৰ তৰফৰ পৰা কুইনলফ'ছ-২৫ ইচি নামৰ শুঁৰপোক নিয়ন্ত্ৰণ কৰা ঔষধ বিতৰণ কৰিছে যদিও সেয়া সমগ্ৰ জিলাখনৰ কেইবা হেক্টৰ কৃষিভূমিৰ তুলনাত সামান্য বুলি খেতিয়ক ৰাইজে মন্তব্য কৰিছে৷

ইতিমধ্যে তিনিচুকীয়া জিলাৰ প্ৰায় দহ হেজাৰ বিঘাতকৈ অধিক খেতিপথাৰ অনিষ্ট কৰাত স্থানীয় ৰাইজে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কেতবোৰ ধৰ্মীয় অনুস্থানত বিভিন্ন পুজা পাতল কৰা পৰিলক্ষিত হৈছে৷

ঐকৈশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত মহাকাশত ঘৰ সজাৰ চিন্তা কৰাৰ বিপৰীতে একেখন পৃথিৱীৰ বাসিন্দাই শুঁৰপোক নিয়ন্ত্ৰণৰ বাবে পুজা-পাতল কৰা কাৰ্যই সচেতন লোকৰ চকু কপালত তুলিছে৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে গাঁৱৰ লোকে অন্ধ বিশ্বাসৰ বশৱৰ্ত্তী হ’ব লগা হৈছে। তিনিচুকীয়াৰ কৃষকে ৰাজ্যৰ কৃষি মন্ত্ৰীক শীঘ্ৰে বিভাগটোৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে শুৰপোক নিধনৰ ঔষধ বিতৰণ কৰি খেতি পথাৰ উদ্ধাৰ কৰিবলৈ আহ্বান জনায়৷