ৰহমৰীয়াত ৰক্তদান শিবিৰ

ডিব্ৰুগড়ঃ ৰক্ত দান কৰি মানুহৰ প্ৰাণ বচাওক৷ এই শ্ল’গানক সাৰোগত কৰি ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়পৰা কোঁৱৰ গাঁও গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি সমিতিয়ে ৰক্ত দান শিবিৰৰ আয়োজন কৰে৷ চাবুৱাৰ ৰহমৰীয়াৰ ৰাইজ তথা NRHM সহযোগত কোঁৱৰ গাঁৱৰ সাংস্কৃতিক মহাসভাৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত ৰক্তদান শিবিৰত প্ৰায় ৩০ গৰাকী লোকে ৰক্ত দান কৰে।

আনহাতে গড়পৰা কোঁৱৰ গাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। গ্ৰাম্যঞ্চলৰ ৰাইজৰ মাজত ৰক্তদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰাই এই শিবিৰৰ মূল উদ্দেশ্য বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। আশাকৰ্মী ইন্দিৰা বৰুৱা, নিৰন্ত কোৱৰ, ৰেবতী বৰুৱা, বিজু বৰুৱাকে আদি কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে৷ ড০ কৰবী ফুকন, ড০ মৌচুমী ফুকন, প্ৰভাকৰ দাস সহিতে এটি দলে স্বাস্থ শিবিৰ তথা ৰক্তদান শিবিৰত অংশ লয়৷