
কোকৰাঝাৰঃ ‘ৰক্ত দান মহৎ দান! ৰক্ত দান জীৱন দান!’ এই মহৎ বাণীক সাৰোগত কৰি আনৰ জীৱন ৰক্ষা কৰা তথা জনকল্যাণ সাধনৰ উদ্দশ্যে এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ৰক্ত দান৷ ছাত্ৰ-ছাত্ৰীয়ে ৰক্ত দান শিবিৰ আয়োজন কৰি ৰক্ত দান কৰিলে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছ আৰু স্থানীয় বেচৰকাৰী সংস্থা "ৰেড ৰিব্বন ক্লাৱ"ৰ যৌথ উদ্যোগত আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত শনিবাৰে অনুষ্ঠিত হোৱা স্বেচ্ছামুলক ৰক্ত দান শিৱিৰত ছাত্ৰ-ছাত্ৰী সকলে ৰক্ত দান কৰে।
স্বেচ্ছামুলক ৰক্তদান শিৱিৰৰ কাৰ্যসূচীক ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ চাই মীয়া আহমেদে এয়া এন এছ এছ স্বেচ্ছাসেৱী ছাত্ৰ গোটৰ প্ৰশংসামুলক পদক্ষেপ বুলি মন্তব্য কৰে। এই ছাত্ৰ গোটে বিভিন্ন সময় বিভিন্ন জনকল্যানমূলক কাৰ্যসূচী কৰি আহিছে। পঞ্চাশজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰা কাৰ্যক প্ৰশংসা কৰি অধ্যক্ষগৰাকীয়ে সংগৃহিত হোৱা ৰক্ত ইউনিট সমূহ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক প্ৰদান কৰা হ’ব বুলি কৈ ৰক্ত দান কৰি আনৰ বহুমূলীয়া জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাই অধ্যক্ষ চাই মীয়াই।