বুধবাৰে দেখা যাব বিৰল মহাজাগতিক পৰিঘটনা, ১৫০ বছৰৰ মূৰকত জোনটো হ’ব তেজৰঙী

ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত ৱানচ-ইন-এ-ব্লু-মুন দেখা যাব ৩১ জানুৱাৰীৰ আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠিব।

এই বিৰল পৰিঘটনা প্ৰথমেই দেখিবলৈ পাব উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে। কিয়নো দেশৰ অন্য অঞ্চলতকৈ আগতেই জোনটো ওলাব উত্তৰ-পূৱত। আবেলি ৪.২১ বজাৰ পৰা ৫.১৮ বজাৰ ভিতৰত দেখা পাব অসমবাসীয়ে এই বিৰল পৰিঘটনা। গুৱাহাটীবাসীয়ে সন্ধ্যা ৪.৫৬ বজাত দেখিবলৈ পাব এই বিৰল তেজৰঙী জোন। 

জানি থোৱা ভাল যে জ্বালামুখী উদ্গীৰণ নতুবা বিভিন্ন কাৰণত বায়ুমণ্ডলত ধুলিকণা বাঢ়িলে জোনটো নীলা হৈ পৰে যাক নীলা জোন বোলে। এই নীলা জোনটো প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে দেখা যায়। বুধবাৰৰ সন্ধিয়াৰ জোনটো হ’ব তেজৰঙী।