''ব’হাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ
অসমীয়া কৃষ্টিৰ আয়ুসৰেখা, জনজীৱনৰ ই সাহ৷''

গোৰেশ্বৰঃ নানা জাতি, নানা কৃষ্টিৰ মিলন ভূমি এইখন অসম৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ কলা-কৃষ্ঠীৰে গঢ়ি উঠিছে অসমীয়া সংস্কৃতি৷ আৰু বিহু এই সংস্কৃতিৰে এক অনবদ্য অংগ৷ প্ৰতিটো অসমীয়া জাতি-জনগোষ্ঠীৰ বাবে ব’হাগৰ বিহুটো হিয়াৰ আমঠু, ঐক্যতাৰ বোল৷ ব’হাগ আহিলেই প্ৰতিজন অসমীয়াই প্ৰাণ ভৰি নাছে৷ অসমৰ প্ৰতিতো জাতি-জনগোষ্ঠীয়ে বিহুৰ তালে তালে মন প্ৰাণ সঁপি দিয়ে৷
ৰংজালী বৈশাগুত বাগুৰুম্বাৰ চন্দে চন্দে এপাক মন ভৰি নাচিলে বড়ো চিখলাই। বাক্সা জিলাৰ গোৰেশ্বৰত বুধবাৰৰ পৰা বড়ো জনগেষ্টীয় লোকসকলে আয়োজন কৰে ১৭তম্ বিৰগৌশ্ৰী ৰংজালী বৈশাগু উৎসৱ৷
তদুপলক্ষে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈশাগু নৃত্য প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাটাও দলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ইফালে অনুষ্ঠিত হোৱা বাগুৰুম্বা দলীয় নৃত্য আৰু যুটীয়া নৃত্য প্ৰতিযোগিতা দুখনেও উপস্থিত দৰ্শকসকলক মনোৰঞ্জন দিবলৈ সক্ষম হয়৷
বৃহস্পতিবাৰৰ অনুষ্ঠানত বিটিচি ইএম গণেশ কছাৰী উপস্থিত থাকি বৈশাগু উপলক্ষে বড়ো ডেকা-গাভৰুসকলৰ সৈতে বাগুৰুম্বাৰ সতে নাচ-গান গাই ফুৰ্তি কৰা পৰিলক্ষিত হয়৷ বিটিচি ইএম গৰাকীৰ কন্ঠৰ তালে তালে উপস্থিত সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে৷
ইফালে দিনৰ ভাগত বিৰগৌশ্ৰী হাৰিমু আফাদৰ মূল সমিতিৰ সভানেত্ৰী সোনেশ্বৰী বসুমতাৰীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়৷ মুকলি সভাতে বিৰগৌশ্ৰী ৰংজালীৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ব্ৰাফেদৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে৷ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহীধৰ বড়োৱে উদ্বোধন কৰা মুকলি সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো৷ সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে ইএম গণেশ কছাৰীয়ে৷