বড়োৰ নামত সকলো হেৰুওৱা মজদুৰ সমীনক কিয় চিনি নাপায় বিশ্বজিৎ, মহেশ্বৰ, গনেশ হতে

গোৰেশ্বৰঃ বড়ো জাতিৰ উন্নয়ণৰ স্বাৰ্থত এবছুৰ উদ্যোগত তেতিয়া উত্তৰ অসমত তীব্ৰ আন্দোলনে গা কৰি উঠিছিল। ১৯৮৯ চনত বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ মাগুৰমাৰীত দুৰ্বৃত্তই বড়ো পৰিয়ালৰ গৃহত অগ্নিসংযোগ কৰাৰ পিছত তেতিয়াৰ গোৰেশ্বৰ আঞ্চলিক এবছুৰ সভাপতি চমসাৰ বড়োৰ সৈতে উপ-সভাপতিৰ দায়িত্বত থকা সমীন বসুমতাৰীয়ে কাপোৰ আৰু খাদ্য সাহায্য লৈ ৰাওনা হৈছিল। কিন্তু কেৰ্পাভিঠাত অসম আৰক্ষীৰ বেটালিয়ানে দুয়োকে আটক কৰি দানৱৰ দৰে জপিয়াই পৰি প্ৰহাৰ কৰে।

বেটালিয়ানে সৰ্বশক্তি প্ৰয়োগ কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত গোৰেশ্বৰ থানাৰ বাৰান্দাত দুয়োকে পেলাই থয়। পৰিয়ালে মৃত্যু হোৱা বুলিয়ে ধৰি লৈছিল। পাঁচ মাহ জেলত কটোৱাৰ পিছত প্ৰাণটো বাচিছিল যদিও জীৱন ঘুনীয়া হৈছিল দুয়োৰে। পৰৱৰ্ত্তী সময়ত চমসাৰৰ মৃত্যু ঘটিছিল। কিন্তু শৰীৰত তীব্ৰ যন্ত্ৰণা লৈ জীয়াই থাকিল সমীন বসুমতাৰী। বড়ো জনগোষ্ঠীয়ে নিজ জাতিৰ উত্থান, সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে বিটিএডিত আজি যি পৰিৱেশ পাইছে তাৰ হকে নিস্বাৰ্থ ভাৱে ওৰেটো জীৱন আন্দোলন কৰিও একপ্ৰকাৰ এলাগী হৈ ৰৈছে এসময়ৰ বড়ো আন্দোলনৰ নেতা সমীন বসুমতাৰীৰ দৰে জাতিক ভালপোৱা বহু বড়ো  লোক।

বিটিএডিৰ বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বেতনা মৌজাৰ ৰংমহল গাঁৱৰ গোপীখাত চুবুৰী নিবাসী প্ৰায়াত দেহীৰাম বসুমতাৰী আৰু প্ৰয়াত মবুবালা বসুমতাৰী পুত্ৰ সমীন বসুমতাৰী। "একালৰ বৃন্দাবন একালত পৰে চন" কথাষাৰৰ দৰে সমীনৰ সংগ্ৰামী জীৱনৰো শেষ চোৱা সকলো ফালৰ পৰা অৱহেলিত হৈ এতিয়া জীৱন জীৱিকা চলাবলৈও কঠিন হৈ পৰিছে। বড়োসকলে বি এ চি লাভ কৰাৰ আগৰ কঠিন সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ গুৰি ধৰোঁতাই নাছিল, বড়ো জাতিক আগুৱাই নিবলৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল।

সেই সময়ত একেলগে সাংগঠনিক কাম-কাজ চলাই নিয়া বৰ্তমানৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰী (মোকথাং), গণেশ কচাৰী আদিয়েও আজি চিনি নপোৱা হৈছে সমীন বসুমতাৰীক। যি সমীন বসুমতাৰীয়ে বড়ো সকলৰ উদ্ধাৰৰ বাবে পুলিচ, মেলিটাৰীৰ কোব খাই সৰ্বশৰীৰত আজিও বিষ কঢ়িয়াই লৈ ফুৰিছে সেই সমীনৰ খবৰ ল'বলৈ আজি আহৰি নাই আজিৰ বিটিএডিৰ বৰমুৰীয়া জনপ্ৰতিনিধিৰ।

১৯৮৮ চনত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ এবছুৰ সৈতে জড়িত হৈ পৰে সমীন বসুমতাৰী। সেই সময়ত মহেশ্বৰ বসুমতাৰী (মোকথাং) আৰু গুণেশ্বৰ ৰামচিয়াৰী (গাৰ্জা)য়ে বড়োসকলক এবছু আন্দোলনত জড়িত কৰোৱাই। তেতিয়াৰে পৰা দেহে কেহে লাগে সমীনে। নিজৰ ঘৰ-দুৱাৰ এৰি কেৱল বড়ো জাতি উদ্ধাৰৰ কামত নিজকে সংপৃক্ত কৰি ৰাখে।

১৯৮৮ চনত এবাৰ এবছুৰ দ্বাৰা অসম বন্ধৰ আহ্বান কৰাৰ সময়ত পিকেটিং কৰিবলৈ আহোতে পুলিচৰ হাতত আটক হৈ সাতদিনলৈ নলবাৰী সদৰ জেলত কাৰাবাস খাটিব লগা হৈছিল। তাৰ পৰা আহি গোৰেশ্বৰ মহাবিদ্যালয় নামভর্ত্তি কৰিছিল যদিও পুলিচৰ অত্যাচাৰ এদিনো কলেজলৈ যাব নোৱাৰিলে। প্ৰায়ে ঘৰলৈ বিচাৰে আহে পুলিচে সমীনক। তেনেস্থলত ঘৰৰ পৰা আতৰি থাকিব লগা হোৱাত পঢ়া শুনাও অসমাপ্ত হৈ ৰয় এবছু নেতাজনৰ।

১৯৯৩ চনত এবছুৰ ভলেন্টিয়াৰ ফ'ৰ্চ ৰ পৰা আত্মসমৰ্পন কৰি চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য লাভ কৰে। সেই ধনৰাশিৰে গোৰেশ্বৰ বাছষ্টেণ্ডত সমীনে ফটোষ্টেট মেচিন আৰু ভিডিঅ' মেচিন ক্ৰয় কৰি ব্যৱসায় আৰম্ভ কৰে। কিন্তু বিএচি গঠনৰ পিছত বিএলটি আৰু এবছু সমৰ্থকৰ সৈতে সংঘাত বাঢ়ি গৈছিল এনডিএফবি সংগঠনটোৰ। বড়ো সকলৰ ৰাজনৈতিক আৰু সংগ্ৰামৰ এই যুঁজ খনত বলি হৈছিল সমীন। সমীনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো বয়বস্তু দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি ধ্বংস কৰি পেলাইছিল।

বড়ো জাতীয় নেতাই পাহৰি যোৱা ৪৫ বছৰীয়া সমীনে আজিও পুলিচে কোবাই ঘুনীয়া কৰা দেহৰ চিকিৎসাৰ বাবে লোকৰ ওচৰত হাত পাতিব লগা হৈছে। পত্নী আৰু দুই সন্তানৰ লগতে নিজৰ পেট পুহিবলৈ লোকৰ ঘৰত দিন হাজিৰা কৰাৰ ওপৰি কেতিয়াবা ঠেলা চলাবলৈও বাধ্য হৈছে সমীনে। বিদ্যালয়ৰ মাচুল আদায় দিব নোৱাৰাৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ পৰা পুত্ৰক ওভটাই আনিব লগা হৈছে।

জেলত থকা সময়ত আইন আদালত, মামলা-মোকৰ্দমাৰ বাবে পিতৃ ভেটিৰ প্ৰায় ছয় বিঘাকৈ মাটি বিকিব লগা হ'ল। এতিয়া খেতি কৰি খাবলৈ ভূমি নাই পৰিয়ালটোৰ ওচৰত। বিষম আৰ্থিক দুৰৱস্থাত গ্ৰস্ত হৈ থকা একালৰ বড়ো আন্দোলনৰ নেতাৰ এই দুৰ্দশাৰ দিনতো কোনো এজনে খবৰ নলোৱাত হতাশাগ্ৰস্ত হে সমীন বসুমতাৰীয়ে। বড়ো জাতীয় সংগঠন সমূহৰ লগতে নিজৰ সতীৰ্থৰ এই দুৰাৱস্থাৰ খবৰ ল'বলৈ সাংসদ বিশ্বজিৎ দৈমাৰী, ই এম মোকথাং আৰু গণেশ কচাৰীক দাবী জনাইছে গোৰেশ্বৰবাসী ৰাইজে।