বড়োসকলে নিজক অধিকাৰৰ দাবীত জাতিৰ কৃষ্টি, খেতিত ব্যৱহৃত সা-সঁজুলি, গৰু, মহ, গাহৰি, তাঁতশাল আদি লৈ পুৱাই ৰাজপথলৈ ওলাই আহে৷ পৃথক বড়োলেণ্ডৰ দাবী জনাই ‘ডিভাইড অসম ৫০/৫০’, ‘উই ৱান্ট বড়োলেণ্ড’ আদি বেনাৰ হাতত লৈ বড়ো সকলে পথ অৱৰোধ কাৰ্যসূচী পালন কৰে।

ওৰাংঃ এটি জনগোষ্ঠীৰ নামেৰে এটুকুৰা আপোন ঠাই থকাতো হয়তো সকলোৱে বিচাৰে। নিজ জনগোষ্ঠীৰ নামেৰে এখন ঠাই থকাৰ ফলত নিজক সংস্থাপন কৰি বসবাস কৰিব বিচাৰে সকলোৱে৷ নিজৰ কৃষ্টি, সংস্কৃতি, জাতিক মৰ্যাদা দি নিজৰ অধিকাৰক গুৰুত্ব দিব নিবিচাৰা মানুহ হয়তো কোনো নোলাব৷
বড়ো সকল এইখন অসমৰে এক থলুৱা জাতি৷ কিন্তু সময় আধুনিক হলেও বড়োসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আজিৰ নহয়। বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ পৰা জাতীয় মৰ্যাদা প্ৰদানলৈকে সকলো বিষয়তে পিছ পৰি ৰ’বলগীয়া হৈছে চৰকাৰৰ উপেক্ষিত আচৰণৰ বাবে৷
যাৰ বাবে সময়ে সময়ে ক্ষোভিত হৈ আহিছে বড়ো সম্প্ৰদায়৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে লাহে লাহে সুকীয়া বড়োৰাজ্য গঠনৰ আশাত বিদ্ৰোহী হৈ পৰিছে অসমৰ বড়োসকল৷
পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধানৰ দাবী উত্থাপন কৰি বুধবাৰৰ পৰা এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে যৌথভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালন কৰিছে।
শনিবাৰে পুনৰ পৃথক বড়োলেণ্ডৰ দাবী জনাই এবছু, এনডিএফবি(প্ৰ)ৰ নেতৃত্বত ২৫ সহস্ৰাধিক বড়ো লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ৷
পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰায় ২৫ সহস্ৰাধিক লোকে ওৰাঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
বড়োসকলে নিজক অধিকাৰৰ দাবীত জাতিৰ কৃষ্টি, খেতিত ব্যৱহৃত সা-সঁজুলি, গৰু, মহ, গাহৰি, তাঁতশাল আদি লৈ পুৱাই ৰাজপথলৈ ওলাই আহে৷ পৃথক বড়োলেণ্ডৰ দাবী জনাই ‘ডিভাইড অসম ৫০/৫০’, ‘উই ৱান্ট বড়োলেণ্ড’ আদি বেনাৰ হাতত লৈ বড়ো সকলে পথ অৱৰোধ কাৰ্যসূচী পালন কৰে।
পথ অৱৰোধ কাৰ্যসূচী পালন কৰাৰ ফলত শনিবাৰে পুৱাৰ ভাগৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ ৰূপে ব্যহত হৈ পৰে৷