
newsnextone.com | গোৰেশ্বৰঃ ভাৰত ভূটান সীমান্তৰ বাগসা জিলাৰ পৰ্যটনস্থলী বগামাটিত আজি ১৩ চেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চল পৰ্যটন উৎসৱ, ২০১৮ৰ। 'নৰ্থ ইষ্ট এডভেন্সাৰ ট্যুৰিজিম ফেষ্টিভেল, ২০১৮’ শীৰ্ষক এই বৃহৎ আয়োজনে সমগ্ৰ বাগসা জিলাকে ধৰি ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত থকা সকলৰ লগতে পৰ্যটকসকলক উৎসাহিত কৰি তুলিছে।
আজিৰ এই পৰ্যটন উৎসৱৰ উদ্ধোধন কৰে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱাই। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে, সাংসদ বিশ্বজিৎ দৈমাৰী, ৪ ক’ৰৰ জিঅচি, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়ৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত ভাগ লয়। বগামাটি যদিও বৰ্তমান এক বনভোজস্থলী হিচাপেহে পৰিচিত হৈ আছে তথাপি এই স্থানক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিশ্বৰ দৰবাৰত কিদৰে এক দুঃসাহসিক ক্ৰীড়াৰ হাব হিচাপে গঢ়ি তুলিব পাৰি তাৰে প্ৰচেষ্টা অহৰৰ চলি আছে।
ইণ্ডিয়ান ইনষ্টুটিউট অব ইন্টাৰপিনচিপৰ সঞ্চালক তথা দুঃসাহসিক পৰ্যটন উৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি অভিজিৎ শৰ্মা, কাৰ্যকৰী সভাপতি তথা বিটিচিৰ ই এম গণেশ কচাৰী আৰু সম্পাদক পূৰ্ণ ডেকাই জানিব দিয়া মতে, বগামাটিত দুঃসাহসিক পৰ্যটন উৎসৱ উপলক্ষে ৱাটাৰ ৰাফটিং, হিকিং, চাইক্লিং, স্পট ফটোগ্ৰাফী, এটিভি ৰাইডিং, জাম লিকিং, ৱাল ক্লাইমিং, অফটিকেল ৰেচৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে জীপ চাফাৰী, এলিফেন্ট চাফাৰী আদি কৰোৱা হ'ব।
ইয়াৰ লগতে দুঃসাহসিক ক্ৰীড়া সম্পৰ্কে মনোজ্ঞ আলোচনা চক্ৰ, কৰ্মশালা, গ্ৰাম্য পৰ্যটন আৰু বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহৰ ব্যাপক আয়োজন কৰা হৈছে। জানিব পৰা মতে, ভাৰতৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া নেপাল, ভূটান আদিৰ পৰাও পৰ্যটকে অংশগ্ৰহণ কৰিব এই দুঃসাহসিক পৰ্যটন উৎসৱত। পৰ্যটক সকলে আশা কৰিছে যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰ্যটন উৎসৱে সমগ্ৰ ৰাজ্যৰে পৰ্যটন ক্ষেত্ৰলৈ নতুন মাত্ৰা কঢ়িয়াই আনিব।