বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বাদশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন তেজপুৰৰ হৰিহৰ ক্ষেত্ৰত আয়োজন

newsnextone.com | তেজপুৰঃ বেদক যি সকলে মানি চলে সেই সকলক একত্ৰিত কৰি গঢ়ি তোলা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বাদশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশনখন তেজপুৰত অনুষ্ঠিত হ’ব। সোমবাৰে শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰি শোনিতপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়া সকলে৷

সংবাদমেলত শোনিতপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি জগত শইকীয়া, অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি ৰামেশ্বৰ বৰা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্বৰ কেন্দ্ৰিয় সমিতিৰ নেতৃবৃন্দৰ লগতে জিলা সম্পাদক দিলীপ বৰুৱা উপস্থিতি থাকি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিবেশন সাফল্য মণ্ডিত কৰাত সাংবাদিক সকলৰ সহযোগিতা কামনা কৰাৰ লগতে চাৰি দিনীয়া কাৰ্য্যসুচী আৰু ৬০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰাৰ লগতে বৰ্ণাঢ্য কাৰ্য্যসূচী ৰুপায়ণ কৰাৰ কথা সংবাদমেলত প্ৰকাশ কৰে৷