
বোকাজানঃ নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল কাৰ্বি পাহাৰৰ যুৱক৷ নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত অসম-নগালেণ্ড সীমান্তত আছুৰ বৃহৎ মটৰচাইকেল সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ এক ইঞ্চি মাটিও নাগালিমত অন্তৰ্ভুক্ত কৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ হুংকাৰ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ছাত্ৰ সংগঠনটোৱে৷
অসম-নগালেণ্ড সীমান্তত থলুৱা অসমীয়া ৰাইজৰ ওপৰত নগা বিদ্ৰোহীয়ে সন্ত্ৰাস চলাই অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এচ চি এনে (আই এম) মাজত ৰূপায়িত হয় এখন ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট৷ এই এগ্ৰিমেন্ট ৰাজহুৱা কৰা আৰু অসমৰ ভূমি ৰক্ষা কৰাৰ দাবীত বৃহস্পতিবাৰে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ পথলৈ ওলাই আহিল কেইবাশতাধিক যুৱক৷
এক বৃহৎ মটৰচাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক যুৱকে৷ মটৰচাইকেল সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠিনক সম্পাদক বেদান্ত শইকীয়া আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাই অংশগ্ৰহণ কৰে৷ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটোত ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানলৈকে ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰি নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰক, অসমৰ ভূমিৰ পৰা নগা গ' বেক, অসমৰ ভূমিত নগাৰ দাদাগিৰী নচলিব, আছু জিন্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷
প্ৰতিবাদকাৰীসকলে লাহৰিজানত অসম-নগালেণ্ড সংযোগী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি প্ৰায় আধা ঘণ্টাৰ বাবে পথ অৱৰোধ কৰাৰ লগতে সীমান্ত অঞ্চলটোত শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে৷ পুনৰ বোকাজান নগৰৰ দিশে অগ্ৰসৰ হয় আৰু বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কাৰ্যসূচীৰ অন্ত পেলাই ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে নগা বিদ্ৰোহী সংগঠন এন এচ চি এন (আই এম) ৰ সৈতে অসমবাসীক অন্ধকাৰত ৰাখি যি নগা ফ্ৰেমৱৰ্ক চুক্তি সম্পাদিত কৰা বুলি কৈ সেই চুক্তি শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী জনায়৷
২৫ ডিচেম্বৰত অসমৰ বৃহৎ ভূ-খণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ যি পৰিকল্পনা তাৰ প্ৰাকমুহূৰ্তত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত নগালেণ্ড চৰকাৰে নগা মহকুমা গঠন কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ নেতাগৰাকীয়ে৷ মণিপুৰ আৰু অৰুণাচলত বিজেপিৰ চৰকাৰ থকাৰ পিছতো চৰকাৰ দুখনে তেওঁলোকৰ ৰাজ্যৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি দাবী উত্থাপন কৰিছে৷ তেনে ক্ষেত্ৰত কিন্ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল সংবাদ মাধ্যমৰ সন্মুখত হে অসমৰ এক ইঞ্চি মাটি নাগালিমত অন্তৰ্ভুক্ত কৰা নহব বুলি দিয়া মন্তব্যই কিন্ত অসমবাসীক আস্বস্ত কৰিব পৰা নাই বুলিও ছাত্ৰনেতাগৰাকীয়ে চৰকাৰক কটাক্ষ কৰে৷