সাহস আছে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলও বুলি সৰ্বা কেবিনেটে সিদ্ধান্ত লওকঃবেদান্ত

newsnextone.com | বোকাজানঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ জড়িয়তে বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা-অভিনেত্ৰীয়ে৷

 

সমাজৰ সকলো প্ৰকাৰৰ লোকে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ ওলাই আহি  প্ৰতিবাদ সাব্যস্ত কৰিছে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ তাৰ মাদতে বৃহস্পতিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু বোকাজান আঞ্চলিক কৰ্মচাৰী পৰিষদে বোকাজানত জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, এছৱাইছি আদি সংগঠনৰ বনেতা-কৰ্মী তথা কেইবাশতাধিক স্থানীয় ৰাইজে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া আৰু সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা উপস্থিত থাকি কয় যে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াকেলৈ অসমৰ ৰাইজ সন্তুষ্ট হ’ব পৰা নাই। 

চুবুৰীয়া মেঘালয়ৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ জড়িয়তে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা অসমৰ ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ জাতি-মাটি-ভেটি তথা ভাষা-সংস্কৃতি সম্পুৰ্ণৰূপে ধ্বংস কৰি দিব পৰা এই বিধেয়কখনৰ বিৰোদ্ধে কিন্তু নিজৰ স্থিতি স্পষ্ট কৰা পৰিলক্ষিত হোৱা নাই ৷ 

ছাত্ৰ নেতা দুগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ প্ৰদান কৰি অতি শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ জড়িয়তে জাতি ধ্বংসী এই বিধেয়কখনৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ দাবী জনায়৷ জোঁৰ সমদল কাৰ্যসূচীত বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, বোকাজান আঞ্চলিক কৰ্মচাৰী পৰিষদ, কেএচএ, এছৱাইছি আদি বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়াৰ লগতে বোকাজানবাসী ৰাইজে অংশগ্ৰহণ কৰে৷ 

প্ৰতিবাদকাৰীৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত আছুৰ শ্বহীদ বেদি প্ৰাংগণৰ পৰা উলিওৱা জোঁৰ সমদলটোৱে সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি সৰ্বানন্দ সোণোৱাল হায় হায়, মোডী চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ' বেক, বিজেপি হায় হায়, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বাংলাদেশী খেদ, অসমবাসী ৰাইজ আজি জাগিছে, অসমৰ দল-সংগঠন জাগিছে আদি বিভিন্ন শ্ল’গানেৰে বোকাজান নগৰৰ আকাশ বতাহ কঁপাই তুলি পুনৰ শ্বহীদ বেদি প্ৰাংগণত সমদলৰ অন্ত পেলাই৷