বোকাজান প্ৰেছ ক্লাৱৰ উদ্যোগত শিল্পী দিৱসৰ সফল সামৰণি

বোকাজানঃ প্ৰতি বছৰে ১৭ জানুৱাৰী দিনটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাবৰ উদ্যোগতো বৰ্ণাধ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় ৷

বোকাজান ব্ল'ক বাকৰিত বুধবাৰে উদযাপন কৰা শিল্পী দিৱসৰ এদিনীয়া বিস্তৃত কায্যসূচীত পুৱা ১০.০০ বজাত বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈয়ে  পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত সমবেত সংগীত প্ৰদৰ্শন কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে৷

১০.৩০ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰে কাৰ্বি আংলং জিলাৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি জয়ছিং টকবিয়ে ৷ ১১.৩০ বজাত কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাংবাদিক, লেখক সঞ্জু বৰাই প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰাৰ পাছতেই চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈৰ পৌৰাহিত্যত নিশা ৮:৩০ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী, সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই সাংবাদিক ৰঞ্জিত বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "ৰূপকোঁৱৰ" উন্মোচন কৰে ৷

উক্ত মুকলি সভাত বিশিষ্ট সাংস্কৃতিক সাংবাদিক, লিখক বিদ্যুৎ কুমাৰ ভূঞা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড০ সৌমাৰজ্যোতি মহন্ত ৷

আনহাতে গোলাঘাটৰ জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী বিশিষ্ট অতিথিৰূপে উপস্থিত থকাৰ লগতে  আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জালা, বোকাজান প্ৰেছ ক্লাবৰ উপদেষ্টা প্ৰশান্ত মিশ্ৰ, কাৰ্বি স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন, কাৰ্বি আংলং জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি জয়ছিং টকবি, বিশিষ্ট সাংবাদিক সঞ্জু বৰা, প্ৰদীপ কুমাৰ নাথকে প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

মুকলি সভাৰ পাছতেই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য্য ঢেকিয়াল ফুকনে উদ্ধোধন কৰা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত স্বৰগম সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৪০ গৰাকী শিশু শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট "ৰূপকোঁৱৰ" প্ৰদৰ্শন কৰাৰ লগতে গীতৰ শৰাই আগবঢ়াই আমন্ত্ৰিত শিল্পী গীতালি কাকতিয়ে ৷

উল্লেখ্য যে ৬০ দশকতে সাংবাদিকৰূপে আত্মপ্ৰকাশ কৰা পাহাৰীয়া জিলাখনত সংবাদমাধ্যমৰ বাটকটীয়া জেষ্ঠ সাংবাদিক নগেন বৰাক শিল্পী দিৱসৰ লগত সংগতি ৰাখি বোকাজান প্ৰেছ ক্লাৱে মুকলি সভাতে "সেউজ বঁটা" প্ৰদান কৰে ৷

আনহাতে বোকাজান প্ৰেছ ক্লাবে সাহিত্য-সংস্কৃতি, সংবাদ আৰু ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিকো বিশেষভাবে সম্বৰ্ধনা জনাই ৷