
বোকাজানঃ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষৰ ষড়যন্ত্ৰৰ বলি হোৱা বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্ধাৰ অভিযানত নামি পৰিছে বোকাজানৰ বিধায়ক ডাঃ নোমল ম'মিন ৷ কেন্দ্ৰীয় বিদ্যালয়খন বোকাজান বিলাতী মাটি কাৰখানাই বন্ধ কৰিবলৈ লোৱা কৌশলক প্ৰত্যাহ্বান জনাই বিধায়ক ডাঃ নোমল ম'মিনে ৪ ডিচেম্বৰত বোকাজান নগৰস্থিত ৰাধা-কৃষ্ণ বিবাহ ভৱনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত হৈ কোনো কাৰণতে বিদ্যালয়খন বন্ধ কৰিবলৈ দিয়া নহব বুলি অঞ্চসবাসীক আশ্বাস প্ৰদান কৰি তৎপৰতাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিষয়টো অৱগত কৰে ৷
ইয়াৰ পাছতেই বিদ্যালয়খন বোকাজান বিলাতী মাটি কাৰখানাৰ অধীনৰ পৰা মুক্ত কৰি চিভিল পৰ্যায়লৈ নিয়াৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধায়কগৰাকীক আশ্বাস প্ৰদান কৰে ৷ কিন্ত শেহতীয়াকৈ চিমেণ্ট উদ্যোগৰ শীৰ্ষ মহলে স্থায়ী শিক্ষকসকলক ৫ মাহে বেতনৰ পৰা বঞ্চিত হৈ থকাত বিদ্যালয়খনৰ পৰা বেতন বঞ্চিত শিক্ষক সকলক কম দিনৰ ভিতৰত বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আতৰাই বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়ত নিয়োগ কৰাৰ সিদ্ধান্ত পোহৰলৈ আহিছে ৷
তেনে পৰিস্থিতিত ১৮ ডিচেম্বৰত বিদ্যালয়খনৰ অভিভাৱকৰ চাৰি জনীয়া প্ৰতিনিধিসহ স্থানীয় বিধায়ক ম'মিনে গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত এছ নিলাপক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টোৰ বুজ লয় ৷ উপায়ুক্তগৰাকীয়ে প্ৰতিনিধিসহ বিধায়কগৰাকীক জনোৱা মতে বিদ্যালয়খনত কৰ্মৰত শিক্ষকসকলৰ প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰাত সমগ্ৰ বিষয়টো বিদ্যালয়খনৰ অধক্ষ্য গৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক অৱগত কৰাত কেন্দ্ৰীয় বিদ্যালয় সংগঠনে অতি কম দিনৰ ভিতৰতে বেতন বঞ্চিত ভুক্তভোগী স্থায়ী শিক্ষকসকলক বোকাজান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আতৰাই বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়ত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মাৰ্চ মাহলৈকে বিদ্যালয়খন ঠিকাভিত্তিক শিক্ষকেৰে চলাই লৈ এপ্ৰিল মাহৰ পৰা উক্ত বিদ্যালয়ৰ দ্বায়িত্ব কোনো কাৰণতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে নলয় বুলি জানিবলৈ দিয়ে ৷
আনহাতে বোকাজান বিলাতী মাটি কাৰখানাই বিভিন্ন সময়ত শিক্ষকসকলক বেতন প্ৰদান কৰিবলৈ সক্ষম নোহোৱাত কেন্দ্ৰীয় বিদ্যালয় সংগঠনে কাৰখানাক ঋণ প্ৰদান কৰি আহিছিল ৷ চলিত বৰ্ষলৈকে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ পৰা বোকাজান বিলাতী মাটি কাৰখানাই বোকাজান কেন্দ্ৰীয় বিদ্যালয় শিক্ষকসকলক দৰমহাৰ ২ কোটিৰো অধিক ধন আজিও পৰিশোধ নকৰাত কেন্দ্ৰীয় বিদ্যালয় সংগঠন ক্ষোভিত হৈ পৰা বুলি সদৰি কৰে উপায়ুক্ত গৰাকীয়ে ৷ লগতে শিক্ষকক বেতন দিবৰ বাবে কোনো কাৰণতে সংগঠনে কাৰখানাক আৰু ঋণ প্ৰদান নকৰে বুলিও স্পষ্ট মত প্ৰকাশ কৰে ৷
এনে জটিল পৰিস্থিতিত থকা বোকাজান কেন্দ্ৰীয় বিদ্যালয় উদ্ধাৰৰ বাবে পুনৰ বিধায়ক ডাঃ নোমল ম'মিনে তৎকালীনভাবে মুখ্যমন্ত্ৰীৰে যোগাযোগ কৰে ৷ স্থানীয় বিধায়ক ম'মিনৰ এনে ইতিবাচক ভুমিকাত অভিভাৱকসকলৰ লগতে অঞ্চলবাসী আশ্বস্ত হোৱাৰ লগতে শীঘ্ৰে বিদ্যালয়খন চিভিল পৰ্যায়লৈ নি ষড়যন্ত্ৰকাৰী বোকাজান বিলাতী মাটি কাৰখানাৰ কবলৰ পৰা মুক্ত হব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷
উল্লেখ্য যে বোকাজান বিলাতী মাটি কাৰখানাৰ কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে বিগত ১৯৮৬ চনত বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ লগত চুক্তিবদ্ধ হৈ স্থাপন কৰিছিল বোকাজান কেন্দ্ৰীয় বিদ্যালয় ৷ তেনে ৰাজহুৱা বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক মাহেকীয়া বেতন বোকাজান বিলাতী মাটি কাৰখানাই পৰিশোধ কৰিব বুলি চুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল ৷ তদুপৰি অনাগত দিনত বিদ্যালয়খন কোনো কাৰণতে বন্ধ নকৰে বুলিও কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰে চুক্তিত স্বাক্ষৰ কৰে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই ৷
কিন্তু পৰিতাপৰ কথা যে সম্প্ৰতি কাৰখানাটোৰ কৰ্মচাৰীসকলৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত শিক্ষা গ্ৰহণ নকৰাৰ বাবেই অঞ্চলটোৰ এনে এখন অগ্ৰণী শিক্ষানুষ্ঠান বন্ধ কৰাৰ কৌশল হাতত লৈছে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই ৷