খটখটিত দুখনকৈ চুৰি ট্ৰাক উদ্ধাৰ... কিন্তু অন্তৰ্ধান হ'ল ৪০ লাখ টকাৰ সামগ্ৰী

♦ চালক-হেণ্ডিমেন পলাতক

কাৰ্বি আংলঙৰ ব্যুৰ': অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰপৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত৷

আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই দেশৰ বিভিন্ন ঠাইৰপৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷

বৃহৎ গাড়ী চুৰি চক্ৰটোৱে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰপৰা দুচকীয়া, চাৰিচকীয়া তথা ছয়চকীয়া বাহনসমূহ চুৰি কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ আনে৷ তাৰপৰা সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত থকা চুৰি গাড়ী কিনা ঘাটিত সূলভ মূল্যত গাড়ীসমূহ বিক্ৰী হয়৷

বৃহস্পতিবাৰে অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত আৰক্ষীয়ে অভিযান চলাই দুখনকৈ চুৰি ট্ৰাক উদ্ধাৰ কৰা ঘটনাই বোকাজান মহকুমাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক গাড়ী চুৰি চক্ৰটোৱে যে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তাক পুনৰ বাৰ প্ৰমাণ কৰিলে৷

আৰক্ষীয়ে উদ্ধাৰ কৰা ট্ৰাক দুখনৰ এখন বিজনী থানা এলেকাৰপৰা চুৰি হোৱা বুলি জানিব পৰা গৈছে যদিও আনখন ট্ৰাকৰ বৰ্তমানে কোনো তথ্য লাভ কৰা নাই খটখটি আৰক্ষীয়ে।

প্ৰায় ৪০ লাখ মূল্যৰ প্ৰসাধন আৰু অন্যান্য খুচুৰা সামগ্ৰী ভৰ্তি WB-23-D-0363 নম্বৰৰ ট্ৰাকখন যোৱা ২০ ডিচেম্বৰ তাৰিখে চিৰাং জিলাৰ বিজনীৰপৰা চুৰি হৈছিল যদিও ট্ৰাকখনৰ চালক অজিত ৰামক ৰহস্যজনকভাৱে অচেতন অৱস্থাত ২২ ডিচেম্বৰ তাৰিখে চিৰাং আৰক্ষীয়ে জিলাখনৰ আমগুৰি অঞ্চলৰপৰা উদ্ধাৰ কৰিছিল৷

চালকক উদ্ধাৰৰ পাছতহে ট্ৰাকখন চুৰি হোৱা ঘটনাটো পোহৰলৈ আহে আৰু আৰক্ষীয়ে ট্ৰাকখনৰ সন্ধানত অভিযান অব্যাহত ৰাখে। আনহাতে বিজনী আৰক্ষীৰ খবৰৰ ভিত্তিত আজি অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ খটখটি আৰক্ষীয়ে অভিযান চলাই খটখটিৰ গান্ধী গেৰেজৰ সন্মুখৰ পাৰ্কিঙত পৰা ৰখাই  থোৱা অৱস্থাত উদ্ধাৰ কৰে উক্ত চুৰি ট্ৰাকখন।

আৰক্ষীয়ে গেৰেজৰ সন্মুখৰপৰা WB-19-F-1476 নম্বৰৰ আন এখন ট্ৰাকো চুৰিৰ সন্দেহত জব্দ কৰে। আৰক্ষীয়ে দুখনকৈ ট্ৰাক উদ্ধাৰ কৰে যদিও বৰ্তমানলৈ ঘটনাৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, কলিকতাৰপৰা তিনিচুকীয়া লৈ বুলি HGC Logistics নামৰ প্ৰতিষ্ঠানটোৰ অধীনত আহিছিল ট্ৰাকখন। গাড়ীখনত থকা প্ৰায় ৪০ লাখ টকা মূল্যৰ সামগ্ৰীৰ বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

আৰক্ষীৰ সন্দেহ ডিমাপুৰত বিক্ৰী কৰা হৈছে সমগ্ৰীখিনি ৷ প্ৰতিষ্ঠানটোৰ অধীনত ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ হোৱা সামগ্ৰী চুৰি হোৱাৰ পাছত ট্ৰাক উদ্ধাৰ হোৱা ঘটনা এইয়াই প্ৰথম নহয়। আজি কিছুদিনৰ পূৰ্বেও একেটা প্ৰতিষ্ঠানে সৰবৰাহ কৰা চাহপাত বোজাই কৰি অনা ট্ৰাক ঠিক এনেদৰেই উদ্ধাৰ হৈছিল৷

আজি উদ্ধাৰ হোৱা ট্ৰাক দুখনৰ ঘটনাৰ আঁৰত চালক, গাড়ীখনৰ মালিক আৰু HGC Logistic নামৰ Transport কোম্পানীৰ কোনো লোক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। লগতে গাড়ীখনৰ গৰাকী আৰু Transport কোম্পানীৰ লোকে সাংবাদিক আৰু আৰক্ষীক প্ৰদান কৰা বিপৰীত ভাষ্য তথা তথ্যই ঘটনাটোত আৰু অধিক ৰহস্যৰ সৃষ্টি কৰিছে৷