
newsnextoneকাজিৰঙা: ৰাজ্যখনত এফালে যদি ছাত্ৰ-ছাত্ৰীৰ বিপদজনক ভাৱে বিদ্যালয়লৈ যাত্ৰা আনফালে আকৌ বিদ্যালয় গৃহৰ চৰম দূৰৱস্থা। এই দৃশ্য বোকাখাত শিক্ষাখণ্ড অধীনৰ গড়মূৰ বৰটিকা প্ৰাথমিক বিদ্যালয়ৰ। ১৯৭৮ চনতে স্থাপিত হোৱা এই বিদ্যালয়খন ইতিমধ্যে প্ৰাদেশীকৃত হোৱা বহু বছৰ উকলিল যদিও আন্তঃগাঁথনিৰ পৰিৱৰ্তন নহল বিদ্যালয়খনৰ।
বোকাখাতৰ গড়মূৰ চাহ অধ্যুষিত অঞ্চলত অৱস্থিত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯৭ গৰাকী হোৱাৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ৩ গৰাকী। কিন্তু আন্তঃগাঠনিৰ বিদ্যালয় গৃহৰ বাবে এতিয়া ভয় আৰু শংকাৰ মাজত শিক্ষাগ্ৰহণ কৰিব লগা হৈছে এই সকল কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে৷ গোহালি সদৃশ এই শ্ৰেণীকোঠাটোৰ টিনৰ চালি যি কোনো মুৰ্হূত্বতে এই ছাত্ৰ-ছাত্ৰী সকলৰ মূৰৰ ওপৰত খহি পৰিব পাৰে। উল্লেখ্য যে, ২০১১ আৰু ২০১৪ চনত অহা প্ৰচণ্ড ধুমুহাই বিদ্যালয়খনৰ টিন-পাত উৰুৱাই নিছিল। শিক্ষাবিভাগত বাৰাম্বাৰ বিদ্যালয়খনৰ দূৰৱস্থাৰ বিষয়ে অৱগত কৰাৰ পাছটো কোনো সুফল নোপোৱাত অৱশেষত স্থানীয় ৰাইজে টিনৰ চালি বনাই নিজেই নিৰ্মান কৰি দিছিল বৰ্তমানৰ বিদ্যালয়গৃহতো।
বিগত ৪ টা বছৰ ধৰি জহি-খহি যোৱা এই টিনৰ চালিৰ তলতে শিক্ষাগ্ৰহণ কৰি আছে বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে। অকনমান বতাহ-বৰষুণ আহিলেই ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ আশংকাত অৰ্ধ ছুটি দিব লগীয়া হয় বিদ্যালয়খন৷ আনহাতে পৰ্য্যাপ্ত ডেক্স-বেঞ্চ নথকাত মজিয়াত বহিয়েই ভৱিষ্যতে একোজন সুঃনাগৰিক হোৱাৰ সপোন দেখিছে এই সকল কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে। এনে এক পৰিবেশৰ মাজত শিক্ষাগ্ৰহণ কৰি থকা এই সকল কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰিবৰ্তনকামী চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হে লক্ষণীয় হৈ ৰ’ব৷