
ফিল’বাৰী/মাৰ্ঘেৰিটাঃ সমগ্ৰ দেশে গণৰাজ্য দিৱস পালনত ব্যস্ত হৈ থকাৰ সময়তে তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত হয় অঘটন৷ গণ ৰাজ্য দিৱসৰ পুৱাই তিনিচুকীয়া জিলাত দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণ হয়৷

জাগুন আৰক্ষী চকীৰ এলেকাৰ সমীপৰ জাগুন বজাৰত প্ৰথমটো বোমা বিস্ফোৰণ হয়৷ জাৱৰৰ দমত বোমাটো বিস্ফোৰণ হয়৷ আনহাতে দ্বিতীয়টো বোমা বিস্ফোৰণ হয় লিডুৰ টিৰাপ কলিয়ৰীত৷

জানিব পৰা মতে, জাগুন-লিডুৰ ৰাইজে গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ মাজতে জাগুন আৰক্ষী থানা এলেকাত দুটাকৈ গ্ৰেনেড বিস্ফোৰণ হয়৷ বোমা বিস্ফোৰণৰ শব্দ ওলোৱাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও হতাহতৰ খবৰ এতিয়ালৈ জানিব পৰা হোৱা নাই৷