
newsnextone.com | অভয়াপুৰীঃ শুকুৰবাৰে ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষৰ দহটা স্থানত উজলি উঠিল বঙাইগাঁও জিলাৰ দুই মেধাবী ছাত্ৰী৷ দুগৰাকী ছাত্ৰীয়ে শীৰ্ষ দহটা পদবীত স্থান লাভ কৰাত জিলাখনত আনন্দৰ বন্যা বয়৷
ভাস্বতী কলিতাই ষষ্ঠ স্থান আৰু গৰিয়সী দেৱীয়ে সপ্তম স্থান দখল কৰি বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে৷ বঙাইগাঁৱৰ চেইণ্ট এলবাৰ্ট স্কুলৰ ছাত্ৰী ভাস্বতী কলিতাই আটাইকেইটা বিষয়ত নেটাৰ সহ সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কঢ়িবলৈ সক্ষম হৈছে৷
ৰেল বিভাগৰ কৰ্মচাৰী মনেশ্বৰ কলিতা আৰু আৰতি কলিতাৰ কন্যা ভাস্বতিয়ে দৈনিক দহ-বাৰ ঘণ্টাকৈ নিয়মীয়াকৈ অধ্যায়ন কৰিছিল৷ আজৰি সময়ত গান শুনি ভাল পোৱা ভাস্বতী কলিতাই নিজৰ সফলতাক লৈ অত্যন্ত সুখি বুলি জানিব দিয়ে৷
বঙাইগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী গৰিয়সী দেৱীয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷
স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অমিতাভ কুমাৰ শৰ্মা আৰু হীৰা দেৱীৰ একমাত্ৰ কন্যা গৰিয়সীয়ে নিজৰ এই সফলতাৰ বাবে নিজৰ পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ গীত গাই, অভিনয় কৰি ভাল পোৱা গৰিয়সীয়ে ভবিয্যতে ভাল শিক্ষয়িত্ৰী হোৱাৰ আশা মনত পুহি ৰখা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷