ওদালগুৰিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

newsnextone.com | ওৰাংঃ পেট্ৰ’লিয়াম জাতীয় সামগ্ৰী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাব ওদালগুৰি জিলাৰ ওৰাং, মাজবাট, ৰৌতা আদি অঞ্চলত সৰ্ব্বাত্মক ৰূপত দেখা যায়৷ মাজবাট চহৰ, ওৰাং, ৰৌতাৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰী কাৰ্যালয় বেংক আদি বন্ধ হৈ থকা দেখা গৈছে৷ বাছ আস্থান সমূহতো জনশূন্য হৈ পৰিছে৷ 

আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল বন্ধ হৈ পৰিছে ৰাতিপুৱাৰে পৰা৷ বন্ধৰ কালছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংগঠিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়েও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ 

আনহাতে ওদালগুৰি জিলাৰ মাজবাটত কংগ্ৰেছৰ সমৰ্থকসকলে মাজবাট ৰে’ল ষ্টেচনত উপস্থিত হৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ৰঙাপৰাৰ পৰা ৰঙিয়ালৈ যাবল’গীয়া নামনিমুৱা যাত্ৰীবাহী ৰে’লখন প্ৰায় এঘণ্টা ধৰি আৱদ্ধ কৰি থয় বন্ধ সমৰ্থকসকলে। উক্ত কাৰ্যসূচীত অংশ লোৱা সমৰ্থকসকলে নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মূল্যবৃদ্ধি প্ৰতিৰোধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।