
বোকাজানঃ বোকাজানৰ ঘৰিয়ালডুবিস্থিত ১৫৫ নং চিআৰপিএফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা আজি জনকল্যাণ আঁচনিৰ অধীনত বিষ্ণুৰাভা মধ্য ইংৰাজী বিদ্যালয়লৈ পুথিভঁৰালৰ বাবে প্ৰয়োজনীয় আলমিৰা আৰু কিতাপৰ টোপোলা আগবঢ়াই৷

তদুপলক্ষে বৃহস্পতিবাৰে বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ১৫৫ নং চিআৰপিএফ বেটেলিয়ানৰ কামাণ্ডিং অফিছাৰ মুকেশ ত্যাগীৰ লগতে সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে ক্ৰমে যোছেফ আদানি, বীৰেন্দ্ৰ কুমাৰ সত্যাৰ্থী, প্ৰশান্ত কুমাৰ মিশ্ৰ, গণেশ পাছোৱান আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেন্দ্ৰ বৰাই৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা তথা সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক ওমপ্ৰকাশ ৰায়ে৷

বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ মন আপ্লুত কৰে৷ উল্লেখ্য যে চিআৰপিএফৰ ১৫৫ নং বেটেলিয়ানে পূৰ্বেও দেশৰক্ষাৰ লগতে জনকল্যাণ আঁচনিৰ জড়িয়তে বোকাজানৰ বিভিন্ন প্ৰান্তত সামাজিক কাম-কাজ অব্যাহত ৰখাৰ লগতে বিভিন্ন সামগ্ৰীও বিতৰণ কৰি আহিছে৷