
নগাঁওঃ কলঙৰ পাৰত অনুষ্ঠিত হ’ব নগাঁও জিলা গ্ৰন্থ মেলা৷ অসমৰ গ্ৰন্থমেলা ইতিহাসৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি নগাঁৱৰ অন্যতম অগ্ৰণী সমাজিক-সাংস্কৃতিক অনুষ্ঠান 'কল্লোল'ৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও গ্ৰন্থমেলা-২০১৭ অনুষ্ঠিত কৰাল বাবে প্ৰস্তুতি আৰম্ভ হৈছে ৷
এইবাৰ নগাঁও গ্ৰন্থমেলা অহা ১২ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ কলঙৰ বাকৰিৰ ঐতিহাসিক নেহৰুবালিত অনুষ্ঠিত হ’ব ৷ 'কল্লোল'ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সাধাৰণ সভাত স্থানীয় বিধায়ক ৰূপক শৰ্মাক সভাপতি, জিলা উপায়ুক্ত চমচেৰ সিং আৰু 'কল্লো'ৰ সভাপতি লোহিত কলিতাক কাৰ্যকৰী সভাপতি, 'কল্লোল'ৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকা আৰু অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাক যুটীয়া সম্পাদক আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া শিৱ শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ নগাঁও গ্ৰন্থমেলা--২০১৭ ৰ মূল কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷
১৯৯৬ চনৰ পৰা 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈ অহা নগাঁও গ্ৰন্থমেলা সমিতিৰ মুখ্য উপদেষ্টাৰ আসন শুৱনি কৰি অহা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা কথাশিল্পী মহিম বৰাৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠিত হ’বলগীয়া নগাঁও গ্ৰন্থমেলাৰ ক্ষেত্ৰখনৰ নাম এইবাৰ 'সাহিত্যচাৰ্য মহিম বৰা' স্মৃতি ক্ষেত্ৰ হিচাপে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷ এইবাৰৰ গ্ৰন্থমেলাত অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ লগতে শতাধিক গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান তথা বিক্ৰেতা প্ৰতিষ্ঠানে অংশগ্ৰহনৰ নিশ্চিতি প্ৰদান কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷