আপোনাৰ ঘৰত নষ্ট হ’ব ধৰা গ্ৰন্থবোৰ কাৰোবাৰ জীৱনৰ বাবে হৈ পৰিব পাৰে অমূল্য সম্পদ

মোৰাঝাৰঃ ইতিহাস সম্বলিত গ্ৰন্থ, কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য, গাইড বুক, কেৰিয়াৰ বুক আদি আপোনাৰ ঘৰত এনেই পৰি নষ্ট হ’ব ধৰিছে নেকি৷ যদি নেষ্ট হ’ব ধৰিছে চা’ছৰ সৈতে যোগােযোগ কৰক৷ চা’ছে আপোনাৰ পৰা গ্ৰন্থ সমূহ সংগ্ৰহ কৰিব৷ জ্ঞানৰ ভাণ্ডাৰ সমূহ সংৰক্ষণ কৰিব চা’ছে৷ যাৰ পৰা নতুন প্ৰজন্মই জ্ঞান আহৰণ কৰিব পাৰিব৷ কাৰোবাৰ জীৱনৰ বাবে গ্ৰন্থ বোৰ হৈ পৰিব অমূল্য সম্পদ৷

নৱ প্ৰজন্মক শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ হোজাই জিলাৰ স্কলাৰছ একাডেমিক এণ্ড চাইণ্টিফিক চছাইটি চমুকৈ চা’ছে হোজাইত পুথিভঁৰাল গঢ় দি গ্ৰন্থ পঢ়াৰ বিপ্লৱ আৰম্ভ কৰিছে৷ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত আৰু ৰাজ্যৰ আন আন প্ৰান্ততো পুথিভঁৰাল গঢ়াৰ চিন্তা চৰ্চা কৰিছে৷ ইতিমধ্যে হোজাই জিলাত গ্ৰন্থৰ বিপ্লৱ গঢ়ি তুলিছে চা’ছে৷  

হোজাই জিলাত চা’ছে ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱাত অসমীয়া নৱবৰ্ষত ইতিবাচক চিন্তা কৰিছে চা'ছৰ সঞ্চালক হবিবুৰ ৰহমানে৷ ৰহমানে সাধাৰণ ৰাইজে নিজে লিখা গ্ৰন্থ, ঘৰত নষ্ট হ’ব ধৰা গ্ৰন্থসমূহ দান কৰিব পৰাৰ সুবিধা প্ৰদান কৰে৷ গ্ৰন্থ সমূহ চা’ছে সযতনে সুৰক্ষিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে৷ একাডেমিক বুক, গল্প, কবিতা পুথি, উপন্যাস, গাইড বুক, কেৰিয়াৰ বুক, ধৰ্মীয় কিতাপ, পেচাদাৰী, স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পূৰণি প্ৰয়োজনীয় কিতাপ সমূহ, কাৰিকৰী, প্রবেশ পৰীক্ষাৰ সহায়ক গ্ৰন্থ আদি দান কৰিব পাৰিব বুলি কয় চা'ছৰ সঞ্চালক ৰহমানে। গ্ৰন্থসমূহৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান আহৰণ কৰিব পাৰিব।

মেডিকেল, ইঞ্জিনিয়াৰিং, ৰেলৱে, অসম লোকসেৱা আয়োগ, ভাৰতীয় লোকসেৱা আয়োগ, বেংক, বন বিভাগ আদিৰ নতুন-পুৰণি গাইড বুক দান কৰিব পাৰিব৷ নিয়োগ তথ্য, যুৱক-যুৱতীৰ চাকৰি লাভৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে ছাত্র-ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত আনলাইন সেৱা আগবঢ়োৱা হ’ব বুলিও কয় চা'ছৰ সঞ্চালক হবিবুৰ ৰহমানে। কম্পিউটাৰ, লেপটপ দান কৰিব পাৰিব বুলি কৈ ৰাইজৰ সহযোগ অবিহনে এনে কাৰ্য কেতিয়াও সম্ভৱ নহয় বুলি কৈ ৰাইজৰ সহায়-সহযোগ-পৰামৰ্শ কামনা কৰে চা'ছৰ সঞ্চালক হবিবুৰ ৰহমানে।
 
ইতিমধ্যে ডবকাৰ সমাজসেৱী ৰেহাই উদ্দিন, হোজাই জিলা কবি সন্মিলনৰ সভাপতি ড০ হাচিনুছ চুলতান, সাদিনীয়া জমিয়ত কাকতৰ সহ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, বৰহাওৰৰ শিক্ষক তথা কবি নুৰ উদ্দিন আহমেদ, সাংবাদিক ছাদিকুজ জামান, মাৰুফ আলম, চায়ৰুল হুচেইন, ৰহিমা বেগম, আব্দুল কাদিৰ, আবুল বসৰ, মৌলানা চিৰাজ ৰাব্বানী, আমছু নেতা ফাহিম ইকবাল, নাচিম আহমেদেও চা'ছৰ পুথিভঁৰালত কিতাপৰ টোপোলা আগবঢ়াইছে৷ 

কিতাপৰ টোপোলা আগবঢ়ােৱা কিতাপৰ টোপোলা প্ৰদান কৰা লোকক ধন্যবাদ জনাই চা’ছৰ পৰিচালন সঞ্চালক ড০ হবিবুৰ ৰহমানে ইতিবাচক কামত সকলো লোকক আগুৱাই অহাৰ বাবে আহ্বান জনায়৷ উপযোগী কিতাপৰ নামৰ তালিকা নতুবা সমাজৰ সহায়ক পৰামৰ্শ আগবঢ়াবৰ বাবে আহ্বান জনাই ৰহমানে 8404027969 হোৱাটছএপ, sassociety@gmail.comত যোগাযোগ কৰিবলৈ কয়৷ উল্লেখ্য চ’ছ ছচিয়েল উইঙৰ কৰ্মকৰ্তাই গ্ৰন্থ নতুবা পৰামৰ্শ প্ৰদান কৰিব বিচৰা লোকক লগ ধৰি মানপত্ৰৰে সন্মান জনাই উপহাৰ পৰামৰ্শ গ্ৰহণ কৰিব।