
গুৱাহাটীঃ শিক্ষাব্যৱস্থা, আৰ্থিক দুৰৱস্থা, চৰকাৰৰ জনবিৰোধী নীতি, পূজিপতিৰ হাতোৰাত বন্দী অৰ্থ ব্যৱস্থা, দৰিদ্ৰ, খাটি খোৱাৰ দুৰৱস্থাৰ এখন স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰি বিশিষ্ট বুদ্ধিজীৱী, newsnextone.comৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্যই লিখি উলিওৱা দুখনকৈ যুক্তিবাদী গ্ৰন্থ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে উন্মোচন কৰা হয়৷ প্ৰায় এবছৰ কালৰ সাধনা, অধ্যায়ন, অসমীয়া জাতি দেশ তথা বিশ্বৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাতে পূজিপতি ব্যৱস্থাই গ্ৰাস কৰাৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰা দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷
‘বিপন্ন দেশ কাল সমাজ’ আৰু ‘একলব্যৰ পৰা ৰোহিত ভেমুলালৈ’ শীৰ্ষক দুখন গ্ৰন্থ বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁই, জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে বুধবাৰে দিনৰ ১ বজাত উন্মোচন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট লোকৰ লগতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, প্ৰৱক্তা, গৃহিনী, সমাজ সচেতক সহ তিনি শতাধিক লোক উপস্থিত থাকে৷

একেটা অনুষ্ঠানতে newsnextone.comৰ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্য খনৰ চিন্তাৰ নায়ক, অসমীয়া জাতিৰ সংকটৰ মুহূৰ্তত বটবৃক্ষ হৈ থিয় দিয়া ড০ হীৰেণ গোহাঁইক গ্ৰন্থ উন্মোচনী সভাত বিশেষ ভাৱে সম্বৰ্ধনা জনায় newsnextone.comৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰীয়ে৷ এখন মানপত্ৰ, চেলেং চাদৰ, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা যাচে বিশিষ্ট বুদ্ধিজীৱীগৰাকীক৷ সম্বৰ্ধনা গ্ৰহণ কৰি তথা গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ড০ হীৰেণ গোহাঁইয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক গ্ৰন্থ দুখন পঢ়িবলৈ আহ্বান জনায়৷
ড০ দীনেশ বৈশ্যই খেতি বাতি কৰি মূল সুতিৰ সৈতে জড়িত হৈ থকা বুলি কয়৷ আনহাতে গ্ৰন্থ দুখনত সাধাৰণ মানুহৰ কথা পৰিস্ফুট হোৱা বুলি কয়৷ চৰকাৰে সাধাৰণ মানুহক কেতিয়াও শক্তিশালী হ’ব নিদিয়ে বুলি কয়৷ আনহাতে ৭০ দশকত ছট্টিছগড়ৰ হোচাংগাবাদ নাম এটুকুৰা জনজাতি অধ্যুষিত ঠাইত অশিক্ষিত ছাত্ৰ-ছাত্ৰীক হাতে, কামে কৰি সহজভাৱে বিজ্ঞান শিকাবলৈ চেষ্টা কৰি অঞ্চলটোত সাফলতা অৰ্জন কৰা অধ্যাপক অনিল সদগোপালৰ কথাও কয়৷

পাঠ্যপুথিত থকা বিজ্ঞান দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰিলে বিজ্ঞানে মানুহৰ বন্ধ কোঠালি পোহৰাই তুলিব বুলি কয়৷ অধ্যাপক সদগোপালৰ উদাৰহণ দি শিক্ষাৰ পোহৰ নোপোৱা ঠাইত সেই অভিনৱ পদ্ধতিৰে বিজ্ঞান শিকোৱাৰ ফলত জনজাতি ছাত্ৰ-ছাত্ৰী নিজে উৎসাহী হৈ পৰীক্ষাতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷ অধ্যাপক সদগোপালৰ কামত প্ৰথমতে নাক কোচোৱা সকলে কবলৈ বাধ্য হ’ল চৰকাৰে মাধ্যমিক পৰ্যায়তো সেই পদ্ধতি ৰূপান্তৰ কৰিবলৈ বাধ্য হ’ল বুলি কয়৷
চৰকাৰে দমন মূলত সন্ত্ৰাসমূলক পৰিবেশৰ সৃষ্টি কৰা বুলি কয় ধৰ্মৰ নামত, পৰম্পৰাৰ নামত মানুহে মানুহক হত্যা কৰা বুলি কয়৷ চৰকাৰে অজ্ঞানীৰ দৰে কিছুমান কৰা কাম কৰা বুলি কৈ তেওলোকৰ দৰে আচৰণ নকৰিলেই মানুহ ভাৰতীয় নহ’ব এই ধৰণৰ এটা অদ্ভুত কিছুমান ভাৱ ধাৰা এওঁলোকে জোৰ কৰি জাপি দিবলৈ চেষ্টা কৰিছে আৰু কিছু পৰিমাণে সক্ষমও হৈছে বুলি কয়। কিন্তু ড০ দীনেশ বৈশ্যৰ দৰে কিছুমান মানুহে প্ৰথমৰ পৰাই তেনে কামৰ বিৰোধিতা কৰা বুলি কয়৷

সকলো কিশোৰ, যুৱকে এই কিতাপ পঢ়া উচিত বুলি কয়৷ শ্ৰেণী বিভক্ত সমাজ আৰু সমাজৰ শোষিত, নিপীড়িত মানুহ খিনি জনজাতীয় আৰু অনুসূচিত মানুহ বুলিও কয় গোঁহাইয়ে৷ আনহাতে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে যুৱ প্ৰজন্মই শেহতীয়াকৈ প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশ নষ্ট কৰাত চিন্তা জাহিৰ কৰে৷ কান তাল মৰা সংগীতৰে মাইকত গান বজাই নাচ-বাগি প্ৰদূষিত কৰি বিনন্দীয়া প্লাষ্টিকৰ ঠাইডোখৰ আৱৰ্জনাৰ স্থলীলৈ পৰ্যবসিত কৰি কলুষিত কৰি আহিছে বুলি কয়৷ চহৰৰ উদ্যাম, অস্থিৰ জীৱনৰ পৰা দূৰৈত প্ৰকৃতিৰ ক্ষান্ত গুহাত শান্তি উপলদ্ধি কৰাৰ স্পৃহা আৰু নাই বুলি কয়৷ আমি যে প্ৰকৃতিৰ সন্তান তাক সজীৱ আৰু সুস্থ কৰি ৰখাৰ যি দায়িত্ব তাক সমূলি পাহৰি পেলাইছো বুলিও কয়৷

উৎসৱৰ জৰিয়তে আমি মৃত্যুৰ যেন আৰু ওচৰলৈ হে কাষ চাপি গৈছো৷ আমি যদি প্ৰকৃতিৰ সন্তান প্ৰকৃতিৰ অৱক্ষয় আৰু বিনাশ হলে তাক লৈ চিন্তা কৰিব লাগিব৷ আনহাতে গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই কিছুমান যুৱকে ড০ হীৰেণ গোহাঁইক সমালোচনা কৰে যিয়ে গৰিহণা শব্দটো লিখিব নাজানে বুলি কয়৷ যিয়ে কেতিয়াও হীৰেণ গোঁহাইৰ বিষয়ে পঢ়া নাই৷ তেওলোকে হীৰেণ গোঁহাইৰ জ্ঞানৰ গভীৰতা নাজানে৷ তেঁওলোকে কেতিয়াও অধ্যয়ণ কৰা নাই৷
হিমন্ত বিশ্ব শৰ্মায়েও ড০ হীৰেণ গোঁহাইক সমালোচনা কৰে বুলি কৈ ভূঞাই যি মানুহে কেতিয়াও পঢ়া শুনা কৰা নাই তেওলোকে হীৰেণ গোঁহাইক সমালোচনা কৰাটো হাঁহি উঠা কথা বুলিও কয়৷ বিমুদ্ৰাকৰণ মনমোহন সিঙে কৰা নাছিল কাৰন তেও জনা মানুহ আছিল আৰু সেইবাবেই কেনেবাকৈ নকৰা থাকিল৷ তেওঁ জানিছিল দেশৰ অৱস্থা কেনে হ’ব পাৰে৷ কিন্তু মোডীয়ে একো নাজানে৷ প্ৰভূৱে কৈ দিলে সেইটোকে ভাল বুলি কৰি পেলালে৷ মোডীক এতিয়া আৰ এছ এছেও সমালোচনা কৰে৷

গুজৰাট নিৰ্বাচনৰ পূৰ্বে কি কৰিলা বুলি এতিয়া আৰ এছ এছ অসন্তুষ্ট হৈছে বুলিও কয় জ্যেষ্ঠ সাংবাদিক ভূঞাই৷ বিশ্ব বেংক, আই এম এফৰ হাতোৰাত বন্দী এতিয়াৰ চৰকাৰ৷ চৰকাৰৰ হাতত এতিয়া একো ক্ষমতা নাই৷ বিশ্ব বেংকে যি কথা কয় তাকেই কৰে চৰকাৰে৷ ৰোহিত ভ্যেমুলা মৃত্যুৱেও একপ্ৰকাৰ প্ৰতিবাদ৷ চৰকাৰে ৰোহিত ভ্যেম্যুলাক দলিত নহয় বুলি প্ৰচাৰ কৰিছিল৷ কিন্তু তেওঁ কেতিয়াও এনে ব্যৱস্থাক সমৰ্থন নকৰো বুলি কৈ আত্মহত্যা কৰিও প্ৰতিবাদ কৰি গৈছে৷
এতিয়া কানহাইয়া কুমাৰ, হাৰ্দিক পেটেল আদি ওলাই আহিছে৷ তেওলোকে পৰিবৰ্তনৰ কথা কৈছে যুৱ প্ৰজন্ম তেনেকৈ ওলাই আহিব৷ আগত সাহসী বীৰ বিলাকে মূৰত ফোট লগাইছিল৷ এতিয়া একাংশ লোক ধৰ্মভীৰু হ’ল৷ পুৱাই মূৰত দীঘল ফোট লৈ ওলাই আহে৷ আনহাতে ভূঞাই এতিয়া সমাজত বহু লেখক আছে বুলি কয়৷ তেওলোকে পৃষ্ঠা ভৰাই লিখে৷ কিন্তু কিছুমান লিখনি কোনেও বুজি নাপায়৷ লিখনিৰ জৰিয়তে কি কব খোজে সেই কথা স্পষ্ট নহয়৷ তেওলোকে কোনো পক্ষৰেই সৈতে বেয়া নহ’বৰ বাবে তেনেকৈ মিলাই লিখে৷আৰু তেনে বোৰ লিখকে বঁটা বাহন আদি পায়৷

তেনে বোৰ লিখকৰ নাম বঁটা বাহন পোৱা তালিকাত নাম আহে৷ আজিকালি জ্ঞানপীঠ বঁটা প্ৰদানতো হেনো লবি হৈছে৷ ড০ দীনেশ বৈশ্যৰ লিখনিত স্পষ্টতা আছে৷ সমাজ ব্যৱস্থাৰ কোন দিশে ঢাল খাইছে সেই কথা স্পষ্টকৈ লিখিছে৷ শিক্ষকতা, বি-বৰুৱা কলেজৰ অধ্যক্ষ হৈ আন কোনো পথ নলৈ সমাজৰ এনেবোৰ কথা দাঙি ধৰি থাকিব পৰাটো অতি ডাঙৰ কথা৷ ড০ বৈশ্যৰ দৰে স্পষ্ট কৈ কথা কব পৰাটো ডাঙৰ কথা৷ প্ৰতিটো কথাই তেওঁ দাঙি ধৰিছে৷ সমাজ ব্যৱস্থাৰ প্ৰকৃত ছবি খন দাঙি ধৰিছে৷
ড০ বৈশ্যই শিক্ষকতা, অধ্যক্ষতা যি কৰিছে সেইবোৰ একো নাথাকে থাকিব মাত্ৰ এই কিতাপ কেই খন বুলিও কয়৷ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ড০ দীনেশ বৈশ্যৰ গ্ৰন্থ দুখনে সমাজৰ প্ৰকৃত ছবি দাঙি ধৰা বুলি কয়৷ আজিৰ দেশৰ আচল ছবি সন্নিবিষ্ট হৈ থকা বুলি কয়৷ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্তৰতে এক অসহায় পৰিবেশৰ মাজত সাধাৰণ লোকে দিন অতিবাহিত কৰাৰ ইংগিত দি এনে ধৰণৰ লিখনিৰ দ্বাৰা সমাজক সঠিক পথ দেখুৱাব পৰা যাব বুলি কয়৷
বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে newsnextone.com-এ এনে গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে ড০ দীনেশ বৈশ্যই গ্ৰন্থ দুখনত দেশ তথা ৰাজ্যৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু শৈক্ষিক সংকট আৰু দেশৰ দৰিদ্ৰ কৃষক-শ্ৰমিকৰ ভয়ানক দুৰাৱস্থাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰা বুলি কয়৷ তেওৰ চিন্তাই তথা মনৰ মাজত দোলা দি থকা কথাবোৰ লিখি উলিয়াইছো বুলি কৈ যদি দেশৰ দহৰ বাবে কামত আহে তেন্তে সাৰ্থক হোৱা যেন অনুভৱ হ’ব বুলি কয়৷