'আন্ধাৰত পোহৰৰ বাট' উন্মোচন

newsnextone.com | নগাঁওঃ সমাজ জীৱনৰ বিভিন্ন ঘটনা প্ৰবাহ, ভিন্ন স্বাদৰ গল্পৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ যোৱা, বিশিষ্ট নগঁঞা লিখক প্ৰয়াত ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ 'আন্ধাৰত পোহৰৰ বাট' শনিবাৰে নগাঁৱৰ  কলংপাৰৰ কমলাদেৱী টোডী স্মৃতি ভৱনত উন্মোচন কৰা হয়।

গ্ৰাম্ভীৰ্যপূণ অনুষ্ঠানত কবি, সুবক্তা ড০ নন্দসিং বৰকলা  আৰু কবিতা ৰাণী সিঙে সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক সমালোচক ড০ প্ৰভাত বৰাই কয় যে ৰুদ্ৰ প্ৰসাদ কাকতি আছিল ৰামধেনু যুগৰ এগৰাকী অন্যতম গল্পকাৰ ৷ 

ৰুদ্ৰ প্ৰসাদ কাকতিয়ে ভাল কবিতা লিখিব পাৰিছিল, বহু উৎকৃষ্ট প্ৰবন্ধ লিখিছিল, বাতৰি কাকতত সংবাদ পৰিবেশন কৰিছিল কিন্তু তেওঁৰ প্ৰথম পৰিচয় আছিল গল্পকাৰ হিচাপেহে ৷ অসমীয়া সাহিত্যতত ৰামধেনু যুগটোৰ কথা ক’লে কবিতাৰ কথাহে বেছিকৈ আলোচনা কৰা হয় যদিও প্ৰকৃততে ৰামধেনু যুগত আছিল অসমীয়া গল্প  সাহিত্যৰ অতি চহকী যুগ ৷ শিক্ষাবিদ-গবেষক ড০ নৰেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গণশিল্পী সূৰ্য দাসে বহু কেইটা কালজয়ী গীত পৰিবেশন কৰাৰ লগতে "তুমি নাথাকিলেও বতাহে তোমাৰ কথা কৈ থাকে" বুলি এটি কবিতাৰে প্ৰয়াত ৰুদ্ৰ প্ৰসাদ কাকতিক সোৱঁৰণ কৰে ৷

 অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গুনীন হাজৰীকা আৰু  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্পসত্তা সন্দৰ্ভত মনোজ্ঞ ভাষণ প্ৰদান কৰে ৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসমীয়া ভাষাৰ সন্মুখত সম্প্ৰতি আহি পৰা ভয়ংকৰ বিপদৰ কথা উল্লেখ কৰি কয় যদি আমাৰ ভাষাই নাথাকে জাতি ক’ত থাকিব ৷ আমি আমাৰ আইৰ মুখৰ ভাষাটোক বচাবলৈ মাৰ বান্ধি ওলাই আহিব লাগিব ৷ মননশীল লিখক তথা ৰুদ্ৰ প্ৰসাদ কাকতিৰ ভাতৃ  চন্দ্ৰমোহন কাকতিয়ে অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি কয় যে নৱম শ্ৰেণীত পঢ়ি থাকোতেই "অসম বানী"ত গল্প লিখি পুৰস্কৃত হোৱা ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্পত কলং হাৰিয়া আৰু সমাজ জীৱনৰ স্পন্দনে প্ৰাণ পাই উঠিছিল ৷ 

গ্ৰন্থখনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰা ড০ নন্দসিং বৰকলাই। গ্ৰন্থখনৰ প্ৰকাশৰ আঁৰৰ কথা ব্যক্ত কৰাৰ লগতে আৰু কয় যে ভাষাৰ মযৰ্দা যদি হেৰায় তেন্তে জাতিৰ স্বাভিমান ভূলুন্থিত হ’ব ৷ গ্ৰাম্ভীৰ্যপূৰ্ণ সভাত প্ৰয়াত ৰুদ্ৰ প্ৰসাদ কাকতিৰ সহধৰ্মিনী অনিমা কাকতি, বিশিষ্ট সাংবাদিক ড০ আবু হানিফা, লেখিকা  ড০ থুনু কলিতা, মুকুট ভূঞা, কবি ডা০ প্ৰয়াগ শইকীয়া, বল্লদেৱ শৰ্মা, ভৱেশ মেধি, যতীন্দ্ৰ নাথ সুঁত, মৃনাল কুমাৰ হাজৰীকা, শিৱ প্ৰসাদ বৰা, শৈলেন শইকীয়া, চিত্ৰ মহন্ত, ৰাজেন বৰা, উত্তম সিং উপস্থিত থাকে ৷