বৰ্ষীয় পৰম্পৰাৰ গৰিমাৰে উদ্ভাসিত চতিয়া শ'লাল গাঁও, উন্মোচিত হ'ল কৰুনানন্দ হাতীবৰুৱা ‘চতিয়া ৰাজ্য-শ'লাল ৰাজ্য’

newsnextone.com | চতিয়াঃ সোতৰ শতিকাৰ মাজভাগত, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি চতিয়াত বাহৰ পতা আহোম স্বৰ্গদেউৰ ৰাজ প্ৰতিনিধি শ'লাল গোঁহাইক ভাওনা প্ৰদৰ্শন কৰি আদৰিবলৈ খৰঙী বৰুৱাই যি পৰম্পৰাৰ জন্ম দিছিল, সেয়া অক্ষুন্ন ৰাখি চতিয়াৰ বিভিন্ন গাঁৱত আজিও ভাওনা সংস্কৃতি অব্যাহত আছে। শ'লাল গাঁৱত শংকৰদেৱৰ তিথি পালন কৰাৰ লগতে ভাওনা অনুষ্ঠিত কৰাৰ দিহা শ'লাল গোঁহায়ে দিয়া বুলি প্ৰচলিত আছে। 

এই গাঁৱত গুৰু তিথি আৰু ভাওনা পতাৰ পৰম্পৰাই তিনিশ বছৰ অতিক্ৰম কৰিছে। আজি গুৰুজনাৰ তিথি উপলক্ষ্যে শ'লাল গাঁৱৰ হৰি মন্দিৰত চতিয়াৰ অন্যতম লেখক তথা শিক্ষক কৰুনানন্দ হাতীবৰুৱাই ৰচনা কৰা ‘চতিয়া ৰাজ্য-শ'লাল ৰাজ্য’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে শোনিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক সন্দিকৈয়ে৷ এই গ্ৰন্থ উন্মোচনী সভাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকে৷ 

উল্লেখ্য যে, পৰম্পৰা ৰক্ষা কৰি আজি শ'লাল গোঁহাইৰ উত্তৰসুৰীয়ে ৰাতিলৈ দুয়োটা নামঘৰতে প্ৰদৰ্শন কৰিব ভাওনা৷ মূল ভাওনাৰ আগে আগে ভোজন বাহাৰ নাটৰ অভিনয় কৰাটো ইয়াত বাধ্যতামূলক। চতিয়াৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকে ঐতিহাসিক এই ভাওনা দৰ্শন কৰিবলৈ ইয়াত উবুৰি খাই পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

গাঁওখনত এমাহৰ আগৰে পৰাই দুয়োটা নামঘৰতে লেচেৰি, পিতাম্বৰী, পয়াৰৰ সুৰে ৰজজনাই আছিল৷ এমাহৰ আখৰাৰ অন্তত আজি আৰু কালিলৈ প্ৰৰ্দশন কৰিব ভাওঁনা।