
গুৱাহাটীঃ চৰ চাপৰিৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, জীৱন ধাৰণৰ প্ৰণালী সন্দৰ্ভত ৰাজ্যৰ এগৰাকী লেখিকাই লিখি উলিয়াইছে এখন গ্ৰন্থ৷ চৰ-চাপৰিৰ বংগমূলীয় সমাজ জীৱনৰ কাহিনীৰ আধাৰত ৰচিত উপন্যাস খন শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক অনুৰাধা শৰ্মাই ৰুদ্ৰাণী শৰ্মা নামেৰে লিখি উলিয়াইছে এইখন গ্ৰন্থখন। শনিবাৰে বিয়লি তিনিবজাত গুৱাহাটী প্ৰেছ ক্লাৱত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে ড০ গোবিন্দ প্ৰসাদ শৰ্মাই।
পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। ইয়াৰ ওপৰিও অনুষ্ঠানখনত উপস্থিত থাকি বক্তৃতা আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিলীপ বৰা, বিশিষ্ট লেখক মুজিবুৰ ৰহমানকে আদি কৰি কেইবাজনো ব্যক্তিয়ে।