কৃষক নেতা অখিল গগৈৰ গ্ৰন্থ ‘অসমীয়া জাতীয়তাবাদ (স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম)’ উন্মোচন

newsnextone.com | গুৱাহাটীঃ বনলতা প্ৰকাশনে ছপা কৰি উলিওৱা কৃষক নেতা অখিল গগৈৰ ‘অসমীয়া জাতীয়তাবাদ (স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম)’ নামৰ আন এখন গ্ৰন্থ বুধবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই গ্ৰন্থখন উন্মোচন কৰি অখিল গগৈয়ে বিভিন্ন ঐতিহাসিক দলিল সম্বলিত তথ্য এই কিতাপ খনত লিপিবদ্ধ কৰিছে বুলি কয়৷ গ্ৰন্থ খনৰ জৰিয়তে কিছু খামশেয়ালি আতৰ হোৱাত বিশেষ ভূমিকা লব বুলি কব পাৰি বুলি কয়৷ কৃষক নেতা অখিল গগৈয়ে আন্দোলন ব্যস্ত থকাৰ মাজতে গ্ৰন্থ লিখি উলিওৱা কাৰ্যৰ শলাগ লয় অজিত কুমাৰ ভূঞাই৷

এই খন কৃষক নেতাগৰাকীৰ সপ্তম গ্ৰন্থ৷ গ্ৰন্থখন উন্মোচনী অনুষ্ঠিনত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, ড০ অপূৰ্ব কুমাৰ বৰুৱা, ড০ মনোৰমা শৰ্মা আৰু উদয়াদিত্য ভৰালী উপস্থিত থাকে। অখিল গগৈয়ে কয় যে ১৮৫৩ চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ জড়িয়তে আৰম্ভ হোৱা ভাষিক জাতীয়তাবাদ নতুবা মণিৰাম দেৱানৰ জৰিয়তে আৰম্ভ হোৱা অৰ্থনৈতিক জাতীয়তাবাদ, জনগোষ্ঠীয় জাতীয়তাবাদ, প্ৰবজন বিৰোধী জাতীয়তাবাদ, আঞ্চলিক জাতীয়তাবাদে সংকটৰ মাজলৈ গতি কৰিছে। এনে সময়তে অসমীয়া জাতীয়তাবাদৰ সকলোবোৰ ধাৰাৰ ঐতিহ্য আৰু ইতিহাস আলোচনা কৰি আৰু অসমীয়া জাতীয়তাবাদৰ পৰিচয় সূচক আটাইবোৰ অমূল্য দলিল অসমবাসীৰ সন্মুখলৈ উলিয়াই দিছোঁ যাতে অসমীয়া জাতীয়তাবাদে সৰ্বভাৰতীয় হিন্দুত্ববাদৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে। এই গ্ৰন্থ সকলো দেশপ্ৰেমিকৰ হাত পুথি হওক।

অখিলে বৰ্তমান অসমীয়া জাতীয়তাবাদে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি কয়। আৰএছএছ-বিজেপিৰ হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদৰ পৰা এই প্ৰত্যাহ্বান অহা বুলি কয়। জাকে জাকে জাতীয়তাবাদীয়ে হিন্দুত্ববাদৰ শৰণ লৈছে বুলি কৈ বহু নামঘৰে মন্দিৰে হৰিনামৰ ঠাইত ভজন পাঠ আৰম্ভ হৈছে বুলি কয়৷ গাঁৱে-ভূঞে আৰএছএছৰ সশস্ত্ৰ প্ৰশিক্ষণ চলিছে বুলিও কয় অখিলে৷