
কাজিৰঙাঃ প্ৰতি খন চৰকাৰে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট আদায় কৰে৷ ৰাজনৈতিক দলবোৰে শাসনৰ গাডীত বহি বনজ সম্পদ ক্ষ্ষাৰ বাবে দিয়া শ্ল’গান-প্ৰতিশ্ৰুতি পাহৰি পেলায়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হৈয়ে অহাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন নাগৰিক৷ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হৈ অহাত ৰাইজে কবলৈ বাধ্য হৈছে অসম গৌৰৱক আমি ৰক্ষা কৰিব পাৰিম নে নাই৷
অসমীয়াৰ মান-অভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত যেন বাৰে বাৰে ব্যৰ্থ হৈছো আমি অসমীয়াই। চোৰাংচিকাৰীৰ গুলীত গঁড়ৰ মৃত্যু হৈ আহিছে আজিও৷ হাহাকাৰ কৰিব লগা হয় অসমৰ গঁড় কেইটাই৷ এই খবৰে ভাৰাক্ৰান্ত কৰে অসমবাসীত৷ তাৰ মাজতে কাজিৰঙাৰ সন্তান প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মাই এঘাৰ বছৰ সাধনাৰ অন্তত লিখি উলিয়ালে গঁড় সম্পৰ্কীয় প্ৰথমখন পূৰ্ণাংগ গ্ৰন্থ৷ বুবুল শৰ্মাৰ ‘বিশ্বৰ বিপদাপন্ন প্ৰাণী-গঁড়’ নামৰ গ্ৰন্থ খন বুধবাৰে ঐতিনগাঁও কল্লোল গ্ৰন্থমেলাত উন্মোচন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে৷
আৰক্ষী বিষয়া উপাধ্যায়ে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত এই গ্ৰন্থ খন এক ইতিবাচক পদক্ষেপ বুলি কয়। খৰ্গ সম্পৰ্কে থকা অন্ধবিশ্বাসক নস্যাৎ কৰি গ্ৰন্থখনে খৰ্গৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াইছে সেয়া ৰাজ্য খনৰ সকলো নাগৰিকৰ মনত সজাগতাৰ সৃষ্টি কৰিব বুলিও কয় আৰক্ষী বিষয়া উপাধ্যায়ে। বুবুল শৰ্ম্মাৰ সম্পাদনাত নগাঁও জিলাৰ প্ৰথমখন দ্বি ভাষিক প্ৰকৃতি, পৰিৱেশ সম্পৰ্কীয় আলোচনী "সেউজ বাৰ্তা, Green News"ৰ উন্মোচন কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে৷ সেউজ বাৰ্তাৰ এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয় বুলি কয় উপায়ুক্ত সিঙে৷ আমাৰ দেশৰ নাগৰিকসকলে নৱপ্ৰজন্মৰ হাতত এনে আলোচনী তুলি দিয়া উচিত। সম্পাদক বুবুল শৰ্মাৰ লগতে বন বিষয়া শুভাশিষ দাস আৰু সেউজ বাৰ্তাৰ পৰিয়ালক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ যাচে ৰাইজে।