
newsnextone.com | গোৰেশ্বৰঃ কিতাপৰ পাতে পাতে বৈ থাকে অজস্ৰ হেপাঁহৰ স্ৰোত৷ কিতাপ যেন শুকাণ মৰুভূমিত এটি পানীৰ খাদ৷ এজন লিখকৰ মনৰ সুগন্ধিৰে ভৰি থাকে কিতাপৰ পৃষ্ঠা৷ কিতাপত আবদ্ধ হৈ থাকে এটা জাতি, এটা সংস্কৃতি৷ হৃদয়ৰ ক্ষুধা দূৰ কৰে কিতাপে৷ যাৰ প্ৰতি খিলা পাতত বিয়পি থাকে পৃথিৱীৰ অজস্ৰ অনুভৱ৷
কিন্তু নৱ প্ৰজন্মৰ মাজৰ পৰা যেন হেৰাই গৈছে গ্ৰন্থ অধ্যয়নৰ হাবিয়াহ৷ স্মাৰ্ট ফোনৰ দুনীয়াৰ নৱ প্ৰজন্মই পাহৰি পেলাইছে কিতাপৰ সুগন্ধি৷ ফেচবুক, হোৱাটচআপ আদি সামাজিক মাধ্যমৰ আগমনৰ লগে লগে কমি গৈছে পঢ়ুৱৈৰ সংখ্যা৷ গ্ৰন্থৰ সমাদৰ নহোৱা হৈ পৰিছে৷
নৱ প্ৰজন্মক কিতাপ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰি তুলিবলৈ এদিন এটা ব্যতিক্ৰমী প্ৰচেষ্টা চলাইছিল অসমৰ জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মণ আৰু তেওঁৰ পত্নী পৰী শৰণীয়াই৷ সেই প্ৰচেষ্টাই এতিয়া এখোজ দুখোজ কৈ বাঢ়ি এক ন-ৰূপ ধাৰণ কৰিছে৷
গ্ৰন্থ অধ্যয়নৰ প্ৰতি নৱ প্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ প্ৰনৱ কুমাৰ বৰ্মণ আৰু পৰী শৰণীয়াই আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ অধ্যয়ন অভিযানে এতিয়া পূৰ্ণ ৰূপ ধাৰণ কৰি অসমৰ গাঁৱে ভূঁঞে বৃদ্ধ-ডেকা-শিশু সকলোৰে মাজত আকৌ এবাৰ গ্ৰন্থৰ সুবাস বিলাবলৈ সক্ষম হৈছে৷
৫ মে’ৰ পৰা বাগসা জিলাৰ গোৰেশ্বৰৰ বৈৰাগীপাৰা গাঁৱৰ চিফুং ক্ষেত্ৰত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ অধ্যয়ন অভিযানৰ সামৰণি পৰে ৯ মে’ত৷ ৫ দিনীয়া বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত ভিৰ কৰে অগণন গ্ৰন্থ প্ৰেমীয়ে৷ কংক্ৰিটৰ জীৱন পৰা অলপ আহৰি উলিয়াই গ্ৰন্থ প্ৰেমীয়ে প্ৰকৃতিৰ মাজত বিচাৰে গ্ৰন্থৰ সুৱাস৷ গছ-লতাত ওলমি থকা বিভিন্ন বিষয়ক গ্ৰন্থই গ্ৰন্থ প্ৰেমিকক সন্ধান দিয়ে আন এখন পৃথিৱীৰ৷
ব্ৰহ্মপুত্ৰ অধ্যয়ন অভিযান সফল কৰি ৫ দিনৰ কাৰ্যসূচীত অংশ লয় ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা অহা গ্ৰন্থপ্ৰেমী তথা বিদ্যালয়-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ন-পুৰণি হেজাৰ হেজাৰ কিতাপৰ মাজত নিজৰ ভাললগা বিষয়ৰ কিতাপখন হাতত তুলি লৈ অভিভূত হৈ পৰে পঢ়ুৱৈসকল৷ মোবাইল, ইন্টাৰেটৰ পৰা নিজকে বিচ্চিন্ন কৰি এপলকৰ বাবে সকলো সৈ পৰে সেউজীয়াৰ পিয়াহত আতুৰ, গ্ৰন্থৰ সুবাসত বিভোৰ৷
৫ মে’ত চিফুং দ্য’ আৰ্টিষ্টৰ উদ্যোগত আয়োজিত আনন্দৰাম দাস-ক্ষীৰোদা দাস সোঁৱৰণী ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱখনিৰ দ্বাৰ মুকলি কৰে বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰে৷
৫ দিনীয়া অনুষ্ঠানত নৱ প্ৰজন্মৰ বাবে কেইবাখনো প্ৰতিযোগিতামূলক কাৰ্যসূচী আয়োজন কৰা হয়৷ যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ প্ৰয়াসেৰে আয়োজন কৰা ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱখনিৰ সঞ্চালনা কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মণে৷
ব্ৰহ্মপুত্ৰ অধ্যয়ন অভিযানৰ ত্ৰিবাৰ্ষিক উৎসৱৰ আলোচনা সভাত অংশ গ্ৰহণ কৰে বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰা, ড০ ৰঞ্জনা ভট্টাচাৰ্য, অধ্যাপিকা ড০ প্ৰতিভা পাটোৱাৰী, কবি সাহিত্যিক অজিত তালুকদাৰ আৰু অভিনেত্ৰী চন্দনা শৰ্মাই।