
নগাঁওঃ বৃহত্তৰ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁও জিলাৰ বৰদোৱাৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হ’ব৷
ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে বছৰ বছৰ ধৰি পালন কৰি অহা বৰদোৱাৰ ঐতিহ্যমণ্ডিত দৌলযাত্ৰা মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ মহাপুৰুষজনাৰ মহান কৰ্মৰাজী আৰু আদৰ্শৰে অনুপ্ৰাণিত বৰদোৱাবাসীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰবোৰৰ লোকসকলৰ মাজত উৎসৱকলৈ ব্যস্ততাৰ অন্ত নোহোৱা হয়৷
এইবাৰো পুৰণি দিনবোৰৰ সোঁৱৰণিৰে বৰদোৱাবাসী ৰাইজৰ লগতে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ভক্তক আদৰিবলৈ সাজু হৈছে৷ মাহজোৰা ব্যাপক প্ৰস্তুতিৰে ইতিমধ্যে সম্পূৰ্ণ কৰি হৈছে ৰাইজ৷ ইয়াৰ অংশহিচাপে থানলৈ সোমোৱা পথবোৰত বহুকেইখন সুন্দৰ আদৰণি তোৰণ নিৰ্মাণ কৰাৰ উপৰি দূৰণিবটীয়া তীৰ্থযাত্ৰীসকল থাকিবৰ কাৰণে কেইবাটাও ঘৰ সাজু কৰি ৰাখিছে৷
তদুপৰি দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবৰ বাবে থানৰ চৌপাশ চাফ-চিকুণ কৰি আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৪-৩০ বজাৰ পৰা সন্ধ্যা ৬বজালৈ থানত নিত্য-নৈমিত্তিক প্ৰসংগ, ৬-৩০ বজাৰ পৰা খোল আৰু নাম-প্ৰসংগৰ অন্তত গায়ন-বায়নৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ কীৰ্ত্তন ঘৰৰ পৰা উলিয়াই আনি ৰভাঘৰত স্থাপন আৰু গায়ন-বায়নৰ দ্বাৰা 'ৰাম ধেমালী' পৰিবেশনেৰে 'গন্ধ পূজা' সম্পাদন৷ দ্বিতীয় দিনা পুৱাৰ ভাগত থানত নিত্য-নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পিছতে বিয়লি ২ বজাত গায়ন-বায়নৰ ন-ধেমালী গীত পৰিবেশনৰ মাজেৰে গোঁসাই পূজাৰ অন্তত ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে গোঁসাইৰ মূৰত ফাকু দিয়া উৎসৱ৷
তৃতীয় দিনা পুৱা ৪ বজাৰ পৰা আৰম্ভ হোৱা নিত্য-নৈমিত্তিক প্ৰসংগ অন্ত পৰাৰ পিছতে বিয়লি ২ বজাত গোঁসাইক সু-সজ্জিত আসনত বহুৱাই ৰভাঘৰৰ পৰা দোলা ৰথত ফুৰাবলৈ নিয়া উৎসৱ৷ দণ্ড, ভেৰুৱা, চত্ৰ, কালি আদিৰ লগতে গো-মুখ শংখধ্বনি আৰু আয়তীসকলৰ বিয়ানামৰ সুৰৰ মাজেৰে লগত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে ফাকু ছটিয়াই গোবিন্দ গোঁসাইক ফুৰাবলৈ নিয়া হয় ৷
বিৰাট আনন্দ-উল্লাসৰ মাজেৰে গোঁসাইক লৈ গায়ন-বায়ন-ভকত-বৈষ্ণৱ সমম্বিতে দৌলমন্দিৰলৈ যাত্ৰা আৰু তামাম ৰং-ৰহইচৰ সংমিশ্ৰনেৰে দৌলমন্দিৰৰ চৌদিশ প্ৰদক্ষিণ কৰাৰ পিছত আনুষংগিক ধৰ্মীয় আচাৰ আৰু ৰীতি-নীতিৰ পালনেৰে বটদ্ৰৱা থানৰ এলেকাভূক্ত বৰহিচা, সৰুহিচা আৰু বৰভেটি গাঁৱত ভ্ৰমণ কৰোৱা হয়৷ ভ্ৰমণ কালত গোবিন্দ গোঁসাইক শ্ৰী শ্ৰী নৰোৱা আৰু শ্ৰী শ্ৰী শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ লগতে ডেকা গোঁসাইসকলৰ গৃহত প্ৰবেশ কৰোৱা আৰু সেৱা-অৰ্চনা জনোৱা হয়৷
সন্ধ্যা গোঁসাইৰ প্ৰত্যাৱৰ্তন আৰু কীৰ্তন ঘৰৰ সিংহ দ্বাৰেদি পৰম্পৰাগত দুৱাৰ ধৰা অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱাৰ পিছতে গোঁসাই ফুৰোৱা উৎসৱৰ সামৰণি পৰিব৷ ইফালে, দৌলযাত্ৰা মহোৎসৱৰ চতুৰ্থ আৰু পঞ্চম দিনা থান পৰিচালনা সমিতিয়ে বিস্তৃত এলেকাজুৰি দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ নিমিত্তে ব্যৱস্থা কৰা আকৰ্ষণীয় ৰঙৰ হাট অবিৰতভাবে চলি থকাৰ লগতে তীৰ্থযাত্ৰীসকলৰ থান সেৱা কাৰ্যও অব্যাহত থাকিব৷ দৌলযাত্ৰা মহোৎসৱৰ লগত সংগতি ৰাখি থান পৰিচালনা সমিতিয়ে পবিত্ৰ আকাশীগংগাৰ পাৰত নিশাৰ ভাগত কেউদিনে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব৷