আসুৰিক তৃপ্তি, নিশাৰ এন্ধাৰত পথত পেলাই থৈ গ’ল পানী কেচুৱা

খাৰুপেটীয়াঃ সমাজ খনৰ পৰা ক্ৰম্বান্বয়ে যেন হেৰাই গ’ল মানৱতা৷ একাংশ মানুহে মানৱতা সচাকৈয়ে যেন হেৰাই পেলাইছে৷ হত্যা, হিংসা ধৰ্ষণ, চুৰি ডকাইতিৰ সমানে সমানে ৰাজ্য খনত পানী কেচুৱাক শিয়াল কুকুৰৰ মুখলৈ দলিয়াই দিয়াৰ ঘটনা সংঘটিত হৈ আহিছে৷

ৰাজ্যৰ চৰকাৰে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। নিজ গৰ্ভত থিতাপি লোৱা সন্তানক শিয়াল কুকুৰৰ মুখলৈ তথা হাবি-জংঘলত দলিয়াই দিব পৰাৰ মৰসাহ কৰ পৰা আহিল সেয়া হে চিন্তাৰ বিষয় হৈ পৰিছে৷ যোৱা ৬ মাহত ৰাজ্য খনৰ বিভিন্ন ঠাইত পানী কেচুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে৷

এনে ঘটনাই সভ্য সমাজক লজ্জানত কৰে৷ যিটো সময়ত বিবাহৰ পিছত সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷ এটি সন্তানৰ বাবে দোৱা কৰি প্ৰাৰ্থনা কৰি সময় পাৰ কৰে৷ এটি আনৰ সন্তান হলেও তুলি লৈ লালন পালন কৰি বিছাৰে৷

কিন্তু তাৰ বিপৰীতে একাংশ লোকে নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কাউৰি, শিয়াল, কুকুৰৰ মুখলৈ দলিয়াই আসুৰিক তৃপ্তি লাভ কৰে৷ একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ অপকৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিযাই থৈ যায় পানী কেচুৱা৷ দৰং জিলাৰ খাৰুপেটীয়াত বৃহস্পতিবাৰে এটি পানী কেচুৱাৰ নিঠৰ দেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সামন্য জংঘলত পৰি থকা পানী প্ৰত্যক্ষ কৰে কেচুৱাৰ মৃতদেহটো৷ খাৰুপেটীয়াত ৰাজপথৰ দাতিত পুৱা ৯ বজাত প্ৰত্যক্ষ কৰে একাংশ লোকে। নিশা কোনো লোকে ৰাজপথৰ দাতিত কেচুৱাটোক জন্মৰ পিছতে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে৷