
বৰপথাৰঃ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ অন্তর্গত ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ কাৰ্যালয়ত সৰুপথাৰ আঞ্চলিক সমিতি গঠনৰ উদেশ্যে এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।
চুতীয়া ছাত্র সন্থাৰ ধনশিৰি সমিতিৰ সাধাৰণ সম্পাদক অভিজিৎ শইকীয়াই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ উপদেষ্টা তুলসী চুতীয়াই।
সভাত ছাত্ৰ সংগঠনটোৰ ধনশিৰি সমিতিৰ সভাপতি জয়ন্ত বৰাকে প্ৰমুখ্য কৰি ছাত্র সংগঠনটোৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।
সভাত সৰ্বসন্মতিক্রমে পুৰণা সৰুপথাৰ আঞ্চলিক সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰা বুলি সংগঠনটোৰ ধনশিৰি সমিতিৰ সভাপতি জয়ন্ত বৰাই জানিবলৈ দিয়ে।
লগতে উক্ত সভাতে আগন্তুক বৰ্ষৰ বাবে কুলেশ বৰাক সভাপতি, ধ্ৰুৱজ্যোতি চুতীয়াক কাৰ্যকৰী সভাপতি আৰু চন্দন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্র সন্থাৰ সমিতিখন গঠন কৰে।