বৰপথাৰত সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ মিটাৰ বিতৰণ

বৰপথাৰঃ চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত শনিবাৰে গোলাঘাট জিলাৰ অন্তৰ্গত পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা প্ৰায় ৬০ টা পৰিয়ালক বিনামূলীয়া বিদ্যুৎ মিটাৰ বিতৰণ কৰা হয়।

বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বি জে পিৰ কৃষাণ মৰ্চাৰ সৰুপথাৰ মণ্ডলৰ সভাপতি জগত বুঢ়াগোহাঁই, পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভানেত্রী তৃষ্ণা কোঁৱৰ ফুকন আৰু আঞ্চলিক সদস্যা সেৱিকা মালাকাৰ শুক্লবৈদ্য।