দুৰ্গম অসম-নাগালেণ্ড সীমান্তৰ উন্নয়ণৰ ছবি প্ৰত্যক্ষ কৰি আচৰিত হ’ল বিপিএফ

উৰিয়ামঘাটঃ বছৰ বছৰ ধৰি যিদৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি অহা NSCNৰ সৈতে ভাৰত চৰকাৰে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সম্পাদনা কৰাৰ পিছৰে পৰা ৰাজ্যৰ দল-সংগঠনে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ এই চুক্তিয়ে অসমত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকাৰ ব্যক্ত কৰি দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ-ৰাজ্য চৰকাৰে এতিয়ালৈ চুক্তি খন ৰাজহুৱা কৰা নাই৷

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক অন্ধকাৰত ৰাখি সম্পাদনা কৰাৰ লগে লগে অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ বৃদ্ধি হয়৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ তাৰ মাজতে মঙলবাৰে মিত্ৰ জোঁটৰ চৰকাৰৰ অন্যতম অংশীদাৰী দল বিপিএপে গোলাঘাট জিলাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট সীমান্ত অঞ্চল ভ্ৰমণ কৰে৷

বিপিএফৰ বিধায়নী দ'লৰ প্ৰতিনিধি দলটোৱে বিভিন্ন ঠাই ভ্ৰমণ কৰি ৰাইজৰ সৈতে মুখামুখী হয়৷ ৰবিৰাম নাৰ্জাৰিৰ নেতৃত্বত বিধায়ক মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মুছাহাৰিকে ধৰি সন্মিলিত বড়ো গণমঞ্চৰ সাধাৰন সম্পাদক অনিল বসুমতাৰি, বড়ো সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ নাৰ্জাৰিয়ে সীমান্ত  অঞ্চলৰ জয়ন্তীপুৰৰ ৰংগমঞ্চত প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত এখন ৰাজহুৱা সভাতো অংশ গ্ৰহণ কৰে।

দ'লটোৱে কোনো কাৰনতে সীমান্তৰ কাষৰীয়া বৃহৎ ভূমিখণ্ড নাগালিমৰ অন্তৰ্ভূক্ত নহয় বুলি কয়। সীমান্ত অঞ্চলৰ বাট-পথৰ কদৰ্য ৰূপ, বিদ্যুৎ সেৱা, শিক্ষানুষ্ঠান, স্বাস্থ্য অাদি প্ৰত্যক্ষ কৰি আঁচৰিত হৈ পৰে দলটোৱে৷ সীমান্তৰ বাট-পথ, বিদ্যুৎ যোগান, শিক্ষানুষ্ঠান, স্বাস্থ্য অাদি ক্ষীপ্ৰতাৰে উন্নয়ণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাব বুলি দলটোৱে ৰাইজক অাশ্বাস দিয়ে।